গৰুচুৰিক কেন্দ্ৰ কৰি পুঁৱতিনিশা চামগুৰিৰ দক্ষিণপাটত উত্তপ্ত পৰিস্থিতি।



➡️গৰুচুৰিক কেন্দ্ৰ কৰি পুঁৱতিনিশা চামগুৰিৰ দক্ষিণপাটত উত্তপ্ত পৰিস্থিতি।
➡️স্থানীয় ৰাইজে খেদি-খেদি কৰায়ত্ব কৰে এটা গৰু চোৰক, বাকী কেইটাও পলাতক। গৰু চোৰৰ চক্ৰটো নিশা সন্তৰ্পণে সোমাইছিল এঘৰৰ গোহালীত।
➡️ধৃত চোৰটো মৰিগাঁও-লাহৰিঘাটৰ আবুল বাচাৰ। আবুলে এটা গৰু চোৰৰ চক্ৰ লৈ চামগুৰিত বাহাৰ পাতি জাল পেলাইছিল বৃহত্তৰ অঞ্চলটোত।
➡️গৰুচোৰৰ সন্দেহত ৰাইজে পুঁৱতিনিশা কৰায়ত্ব কৰে আন এজন গাড়ী চালককো। ক্ষুদ্ধ ৰাইজে ভাঙি লণ্ড-ভণ্ড কৰিলে চালকজনে লৈ অনা চুইফ্ট বাহন।
➡️বিপৰীতে চালক গজানন দৰ্জীয়ে নিশা ৰাজপথৰ কাষত চুইফ্ট খন ৰাখি টোপনি যোৱা বুলিহে স্পষ্ট কৰিছে আৰক্ষীৰ সন্মুখত।
➡️সমগ্ৰ ঘটনাৰ সন্দৰ্ভত চামগুৰি আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত। তদন্তৰ অন্ততহে চালক গৰাকী গৰুচুৰি চক্ৰটোৰ সৈতে জড়িত হয়নে নহয় সেই কথা পোহৰলৈ আহিব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *