গ্ৰাম্য চিকিৎসালয়ত ডাক্তৰক আক্ৰমণ

মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত ডাক্তৰক আক্ৰমণ কৰাক লৈ উত্তপ্ত পৰিস্থিতি।

কি হৈছে মৈৰাবাৰী হস্পিতালত ?
কেতিয়াবা যদি নাৰ্চে ৰোগীক আক্ৰমণ কৰে,কেতিয়াবা আকৌ নাৰ্চ-ডাক্তৰ আক্ৰমণৰ স্বীকাৰ হব লগা হয়।
নিৰাপত্তাহীনতাত ভুগিয়ে মৈৰাবাৰী হস্পিতালৰ একাংশ কৰ্মচাৰী আৰু চিকিৎসকে কৰিব লগা হৈছে নিজৰ কৰ্ম..

এটা কফ চিৰাপক লৈ মৈৰাবাৰী হস্পিতালত আজি এক হুলস্থূলিয়া পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে মৈৰাবাৰী হস্পিতালত এগৰাকী প্রসুতিৰ স্বামী চাইফুল ইছলামে হস্পিতাল খনৰ কৰ্মৰত নাৰ্চ এগৰাকীক কফ চিৰাপ খোজাত নাৰ্চ গৰাকীয়ে ডাক্তৰৰ পাৰ্মিচন নোহোৱাকৈ কফ চিৰাপ নিদিয়াত কাজিয়াৰ সূত্ৰপাত হয়।

আনহাতে কৰ্মৰত চিকিৎসক অশ্ৰাফুল ইছলামে ঘটনা সন্দৰ্ভত প্ৰসূতি গৰাকীৰ স্বামী চাইফুল ইছলামক প্ৰশ্ন কৰাত হস্পিতাল খনৰ চিকিৎসক গৰাকীক শাৰীৰিক বাবে আক্ৰমণ কৰাৰ লগতে গুণ্ডা বাহিনী লৈ আহি হস্পিতাল খনত এক হুলস্থুলিয়া পৰিস্থিতিৰ সৃষ্টি হয়।

ইতিমধ্যে ঘটনা সন্দৰ্ভত মৈৰাবাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ঘটনাৰ লগত জড়িত মূল নায়ক চাইফুল ইছলামৰ লগতে আন দুজন লোকক আটক কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *