গৌৰীপুৰৰ গোলকগঞ্জত বৃহৎ পৰিমাণৰ চোৰাং ইউৰিয়া সাৰ জব্দ।
ৰাজ্যত পুনৰ অব্যাহত আছে চোৰাং ইউৰিয়া সাৰৰ ৰমৰমীয়া বেহা ৷
ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ বানিয়ামাৰীত গাড়ী সহ চোৰাং ইউৰিয়া সাৰ জব্দ কৰে আৰক্ষীয়ে।জানিব পৰা মতে আজি দুপৰীয়াৰ ভাগত গোলকগঞ্জ থানাৰ যানবাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত কুমাৰ ৰায়ৰ নেতৃত্বত গোপন সুত্ৰৰ আধাৰত পশ্চিম বংগ পৰা ধুবুৰী অভিমুখে তীব্ৰ গতিত যোৱাৰ সময়ত WB— 63 A-5313 নম্বৰৰ ব্লুলোৰো পিকাআপ চোৰাংকৈ কঢ়িয়াই অনা গাড়ী খন পলাই যাবলৈ চেষ্টা কৰে যদিও কিন্তু সফল নহ’ল।পিছত গোলকগঞ্জ থানাৰ আৰক্ষীয়ে গাড়ীৰ পিছে— পিছে খেদি অৱশেষত বানিয়ামাৰী নতুন কৈ কাম আৰম্ভ কৰা 127 B ফোৰ লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী খন আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে উক্ত গাঢ়ীখন তালাচী চলাই ৮০ বস্তা ইউৰিয়া সাৰ জব্দ কৰে আৰু গাড়ীৰ চালক আৰক্ষীক দেখি গাড়ী এৰি থৈ পলায়ন কৰে৷