গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত কেইগৰাকী যাত্ৰী।গৌৰীপুৰ মলাতি খামাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।কোচবিহাৰৰ পৰা ধুবুৰীৰ অভিমুখে আহি থকা AS 17 8508 নম্বৰত দ্ৰুত বেগী যাত্ৰীবাঁহী অল্ট্ৰা বাছ খনে ধুবুৰীৰ অভিমুখে গৈ থকা টেম্পু গাড়ী এখনৰ পিছ ফালৰ পৰা সংসৰ্ষ কৰে । টেম্পুত থকা যাত্ৰী সকলে ৰাষ্ট্ৰীয় ঘাই পথত বাগৰি পৰে ফলত গুৰুত্বৰ ভাৱে আহত হয় কেইবা জন যাত্ৰী। আট্ৰা বাছ চালক জনক স্থানীয় ৰাইজে অটক কৰি আৰক্ষীৰ হাতত ছমজাই দিয়ে বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ সহযোগ আৰু গৌৰীপুৰ আৰক্ষীয়ে আহত লোহত লোক সকলক উদ্ধাৰ কৰি গৌৰীপুৰ গ্ৰাম্য চিকিৎসালয় লৈ যায় বুলি জানিব পৰা গৈছে আৰু কেইবা জনক ধুবুৰী চিকিৎসালয়ত প্ৰেৰন । দুৰ্ঘটনা সংঘটিত কৰা বাছ গাড়ী খন গৌৰীপুৰ আৰক্ষী থানলৈ অনা হয় বুলি জানিব পৰা গৈছে। গৌৰীপুৰ আৰক্ষীয়ে এনে দ্ৰুত গতি গাড়ী চালকৰ ওপৰত কি পদক্ষেপ লয় সেয়া হব পৰবৰ্তী সময়ত লক্ষণীয় বিষয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *