গোৰেশ্বৰৰ কাউবাহাত পুঠিমাৰী নদীৰ ওপৰত অবৈধ বালি খনন, আনফালে ধন সংগ্ৰহত ব্যস্ত একাংশ বন বিষয়া
শূন্য সহনশীলতাৰ নীতি দোহাই দি সভা সমিতিয়ে ভাষণ দিয়া চৰকাৰখনক বুঢ়া আঙুলি দেখুৱাই আহিছে একাংশ বিষয়াই।
তামুলপুৰ জিলাৰ গোৰেশ্বৰ বন সংমণ্ডল বিষয়া কাৰ্যালয়ৰ অধীনৰ পুঠিমাৰী নদীৰ ওপৰত অব্যাহত আছে অবৈধ বালি খনন কাৰ্য্য।
ইফালে বন বিভাগৰ একাংশ বিষয়াই নাওকাটাত এটি অস্থায়ী গৃহ লৈ শিল বালি কঢ়িয়াই অনা প্ৰত্যকখন ডাম্পাৰৰ পৰা ২০০ টকাকৈ ধন সংগ্ৰহত ব্যস্ত হৈ পৰিছে
স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি এচাম অসাধু বালি মাফিয়াই অহৰ্নিশে পুঠিমাৰী নৈত চলাই আহিছে অবৈধ বালি খনন।
সংশ্লিষ্ট বিভাগৰ অনুমতিবিহীনভাৱে ৰাজহ ফাকি দি কেৱল ধন বল আৰু বাহু বল প্ৰয়োগ কৰি এটা দুষ্ট চক্ৰই ধাৰাবাহিকভাৱে চলাই আহিছে এনে লুণ্ঠন কাৰ্য।
কাউৰবাহা আৰক্ষী নিৰীক্ষণ চকীৰ সন্মূখেৰে পুঠিনাৰী নৈৰ বুকুৰ পৰা এনেদৰে বালি উঠোৱাৰ ফলত সম্প্ৰতি নৈৰ প্ৰৱল গড়াখহনীয়াৰ কৱলত পৰাৰ আশংকা প্ৰকট হৈ পৰিছে।
উল্লেখযোগ্য যে বহু দিন ধৰি গোৰেশ্বৰ কাউৰবাহা মাজেৰে বৈ যোৱা পুঠিমাৰী নৈৰ বুকুৰ পৰা বালি উঠোৱা কাৰ্যত সাৰ-পানী যোগাই আহিছে বন বিভাগৰে এছাম বিষয়া-কৰ্মচাৰীয়ে
বন বিভাগৰ সৈতে গোপন বুজা বুজি থকাৰ বাবে এনেদৰে চলাই গৈছে বালিৰ অবৈধ ব্যৱসায়।
উলেখ্য যে ৰহস্যজনকভাৱে বালি খননৰ বিৰুদ্ধে নিমাত একাংশ দল সংগঠন ।
