গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ সংঘটিত হোৱা ভুক্তভোগী পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ লাভ জেহাদৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ মুখ্যমন্ত্ৰীগৰাকীৰ ৷ মৃত্যু হোৱা সংঘমিত্ৰা ঘোষক অতিমাত্ৰা ড্ৰাগছ সেৱন কৰাই নাজিবুৰে বিবাহ কৰোৱাৰ কথা উল্লেখ মুখ্যমন্ত্ৰীৰ ৷ সমগ্ৰ ঘটনাৰ দোষী ব্যক্তি যাতে সাৰি যাৱ নোৱাৰে তাৰ বাবে আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷ গোটেই ঘটনাটো যে ড্ৰাগছৰ বাবেই সংঘটিত হ’ল তাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ পুলিচে ২০২০ চনতে ড্ৰাগছৰ বিষয়ে ভালকৈ তদন্ত কৰা হ’লে আজি এনেকুৱা হত্যাকাণ্ড সংঘটিত নহ’ল হেতেন বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে বিত্তমন্ত্ৰী অজন্তা নেওঁগ, বিধায়ক বিশ্বজিৎ ফুকন আৰু বিধায়ক মৃনাল শইকীয়াও উপস্থিত থাকে ৷ ভুক্তভোগী পৰিয়ালটোৰ একমাত্ৰ সদস্যা অংকিতা ঘোষে মুখ্যমন্ত্ৰীগৰাকীক সমগ্ৰ বিষয়টো অৱগত কৰে ।
