গোলাঘাটত টেংকাৰ ৱেল্ডিং কৰি থকা সময়ত পেট্ৰল পৰিবাহী টেংকাৰ বিস্ফোৰণ

গোলাঘাটত টেংকাৰ ৱেল্ডিং কৰি থকা সময়ত পেট্ৰল পৰিবাহী টেংকাৰ বিস্ফোৰণ,হোৱাৰ ফলত এজন লোকৰ মৃত্যু হয় ৷

গোলাঘাটত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। টেংকাৰ মেৰামতি কৰি থকাৰ সময়তে টেংকাৰ বিস্ফোৰণ ঘটি গেৰেজৰ মালিক তথা ৱেল্ডাৰ জনৰ মৃত্যু হয়। মৃত ব্যক্তিজনৰ নাম নবীন বৰুৱা বুলি জানিব পৰা গৈছে। গোলাঘাটৰ বেঙেনাখোৱাৰ এটা গেৰাজত আজি পুৱা প্ৰায় এঘাৰ বজাত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো। ঘটনাস্থলীৰ পৰা পলায়ন কৰে গেৰাজৰ আন কৰ্মচাৰী আৰু টেংকাৰৰ কৰ্মচাৰী। কি কাৰণত ঘটনাটো সংঘটিত হ’ল সেইকথা বৰ্তমানো জানিব পৰা হোৱা নাই ৷ স্থানীয় লোকে সন্দেহ কৰিছে যে ওৱেলডিং নতুবা টেংকাৰত আন বিদ্যুৎ সংযোজিত কাম কৰি থকাৰ সময়তে ভয়াবহ দুৰ্ঘটনাটো সংঘটিত হয় । প্ৰত্যক্ষদৰ্শীৰ মতে টেংকাৰখনৰ ওপৰ অংশ প্ৰায় এশ ফুটলৈ উৰি যায় । টেংকাৰ খনৰ নম্বৰ NL07AA1350.বৰ্তমান গোলাঘাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *