গেলেকীৰ দ গাওঁ স্থিত ONGC ৰ খনন ৰিগৰ সম্মুখত উত্তপ্ত পৰিস্থিতি ।
জৰাজীৰ্ণ পথ নিৰ্মাণ কৰাৰ দাবীৰে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।
গেলেকী তৈল ক্ষেত্ৰ নিবনুৱা যুৱক সন্থাৰ দ্বাৰা ONGC উদ্ধতম কতৃপক্ষলৈ স্মাৰকপত্ৰ প্ৰদান ।।
গেলেকী জি,জি,এছ 1 ৰ সম্মুখেদি দ’ গাঁওলৈ যোৱা জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীৰে এই স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে ।।
ইতিমধ্যে ইয়াৰ প্ৰতিলিপি জি,জি,এছ 1 ৰ পৰিচালক , গেলেকী দ গাওঁ স্থিত খনন ৰিগৰ বিষয়া আৰু গেলেকী থানালৈ প্ৰেৰণ কৰিছে ।।
আগন্তুক তিনিদিনৰ ভিতৰত যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে ONGC কতৃপক্ষৰ ওচৰত দাবী জনাইছে ।
ইয়াৰ অন্যথা ONGC ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে সন্থাটিয়ে ।
