গেলেকীৰ ডাকঘৰৰ কৰ্মচাৰীৰ আজৱ কাণ্ড

গেলেকীৰ ডাকঘৰৰ কৰ্মচাৰীৰ আজৱ কাণ্ড ।

পৰিত্যক্ত অৱস্থাত উদ্ধাৰ আধাৰ কাৰ্ডক লৈ কাৰ্ডৰ গৰাকীৰ মাজত হাহাকাৰ পৰিস্থিতি ।

ডাকঘৰৰ কৰ্মচাৰীৰ হেমাহিৰ বাবে আধাৰ কাডৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

গেলেকী ডাকঘৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে ।।

উল্লেখযোগ্য যে একাংশ ব্যক্তিয়ে আধাৰ কাৰ্ড বনোৱাৰ পিছতো বিভিন্ন কাৰণবশত আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা নাই।

যাৰ বাবে বিভিন্ন সমস্যাৰ সম্মুখীন হব লগীয়া হৈছে সাধাৰণ ৰাইজ ।


তাৰ মাজতেই আজি গেলেকী ডাকঘৰৰ ওপৰত থকা এখন হোটেলৰ কাষৰ পৰা পৰিত্যক্ত অৱস্থাত আধাৰ কাৰ্ড উদ্ধাৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছে কাৰ্ডৰ গৰাকীয়ে।

হোটেলৰ কাম কৰা কৰ্মচাৰীয়ে খবৰ দিয়াতহে প্ৰকৃত গৰাকীয়ে আধাৰ কাৰ্ড উদ্ধাৰ কৰাৰ অভিযোগ উঠিছে ।

এতিয়া লক্ষ্যণীয় হব এনে এলেহুৱা বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে বিভাগে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *