গৃহযুদ্ধই ছিৰিয়াত লৈছে ভয়ংকৰ ৰূপ

ছিৰিয়াত ১৩ বছৰীয়া গৃহযুদ্ধই শেহতীয়াকৈ ভয়ংকৰ ৰূপ লৈছে। ছিৰিয়াৰ বিদ্ৰোহী বাহিনীৰ দ্ৰুত আগ্ৰাসনত দেশখন অস্থিৰ হৈ পৰিছে। বিদ্ৰোহী বাহিনীয়ে এফালৰ পৰা দখল কৰি আহিছে উত্তৰ পশ্চিমৰ ভিন্ন অঞ্চল।ভাৰতীয় নাগৰিকক ছিৰিয়া ভ্ৰমণ নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পৰামৰ্শ আগবঢ়াইছে। ছিৰিয়াৰ অস্থিৰ পৰিস্থিতিৰ বাবে পৰৱৰ্তী জাননী নিদিয়াপৰ্যন্ত বিদেশ মন্ত্ৰণালয়ে ছিৰিয়া ভ্ৰমণত বাধা আৰোপ কৰিছে। ছিৰিয়া ভ্ৰমণত বাধা আৰোপ কৰাৰ লগতে ছিৰিয়াত থকা ভাৰতীয়সকলক দেশলৈ ঘূৰি আহিবলৈও বিদেশ মন্ত্ৰণালয়ে পৰামৰ্শ আগবঢ়াইছে।ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে জৰুৰীকালীন হেল্পলাইন নম্বৰো মুকলি কৰিছে। জৰুৰীকালীন পৰিস্থিতিত ছিৰিয়াত থকা ভাৰতীয়ই +963 993385973 হেল্পলাইন নম্বৰত ফোন কৰি ডামাছকাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিব পাৰিব। একেটা নম্বৰতে ৱাটছআপো কৰিব পাৰিব। ডামাছকাছৰ দূতাবাসৰে hod.damascus@mea.gov.inত ইমেইল যোগেও যোগাযোগ কৰিব পাৰিব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *