গুৱাহাটী মহানগৰীত অব্যাহত আছে দাম্পাৰৰ দৌৰত্ম

গুৱাহাটী মহানগৰীত অব্যাহত আছে দাম্পাৰৰ দৌৰত্ম। নাৰেঙ্গী তিনি আলিত চন্দ্ৰপুৰ দিশৰ পৰা তীব্ৰ বেগেৰে অহা AS 01 RC 3238 নম্বৰৰ দাম্পাৰ খনে AS 01 BU 6845 নম্বৰৰ স্কুতি এখনক প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত স্কুতি আৰোহী গোবিন্দ দাস নামৰ যুৱক জন বহু দূৰলৈ চিটিকি যায় আৰু স্কুতি খন দাম্পাৰৰ তলত সোমাই যায়। দাম্পাৰ খনে স্কুতি খনক প্ৰায় এশ মিটাৰ দূৰত্ব লৈ মহতিয়াই নিয়ে। নুনমাটি থানাৰ যান বাহন আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ই জি নাৰ্চি হোমত ভৰ্তি কৰে। ইপিনে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা দাম্পাৰ আৰু স্কুটি খন জব্দ কৰে।
উল্লেখ্য যে, যান বাহন আইন মতে পুৱা পাছ বজাৰ পিছত গুৱাহাটী মহানগৰীৰ দাম্পাৰ আৰু ট্ৰাক প্ৰবেশ কৰিব নোৱাৰে। তেনে স্থলত দিন দুপৰতে জি এম দি এৰ এই দাম্পাৰ খন কেনেকৈ প্ৰবেশ কৰিলে সেই কথা ৰাইজে প্ৰশ্ন কৰিছে। উল্লেখ্য যে , মহানগৰীৰ শিলসাঁকোৰ পৰা বোকা ভৰ্তি মাটি সমূহ আনি চন্দ্ৰপুৰৰ হাজংবৰীত চলি থকা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় চৌহদত পেলাই থকা হৈছে।দিন দিপৰত স্কুলৰ ছাত্ৰ ছাত্ৰী তথা সৰ্ব সাধাৰণ লোকে অহা যোৱা কৰা সময়তে মাটি ভৰ্তি দাম্পাৰ সমূহে তীব্ৰ বেগেৰে চলাচল কৰি ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *