গুৱাহাটীত ভয়ংকৰ ঘটনা

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ানক ভূমিস্খলনৰ ঘটনা। মহানগৰীৰ ৰূপনগৰত সংঘটিত এই ভূমিস্খলনৰ ঘটনাত দুটা ঘৰ প্ৰায় ধ্বংসস্তূপত পৰিণত হোৱাৰ বিপৰীতে এগৰাকী ব্যক্তি ধ্বংসস্তুপত আৱদ্ধ হৈ পৰিছে। নিৰুদ্দিষ্ট এই লোকজনৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে।যোৱা নিশা প্ৰায় ১১.৩০ বজাত এই ভটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ভূমিস্খলনৰ ফলত পাহাৰৰ ওপৰৰ পৰা প্ৰকাণ্ড শিল দুটা পৰিয়ালৰ ঘৰৰ ওপৰত খহি পৰে আৰু ইয়াৰ ফলত দুয়োটা বাসগৃহ ধ্বংস হয়।এতিয়াও ধ্বংসস্তুপত আবদ্ধ হৈ আছে লোকজনক উদ্ধাৰৰ বাবে প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *