কয়লাৰ অবৈধ মজুতকৰণে বিপদ মাতিছে নাজিৰাৰ জীৱকুললৈ

চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰপৰা আহৰণ কৰা কলাহীৰা কয়লাৰ অবৈধ মজুতকৰণে বিপদ মাতিছে নাজিৰাৰ জীৱকুললৈ।

নাজিৰা চূণপোৰাত অবৈধ ভাৱে মজুত কৰা কয়লাৰ দূষিত পানীৰে আৰু কয়লাৰ ধূলিয়ে কাষৰীয়া লোকসকলৰ বাসগৃহ ওপচি পৰাত এতিয়া চিন্তিত হৈ পৰিছে লোকসকল।

বাৰম্বাৰ প্ৰশাসনক এইক্ষেত্ৰত অভিযোগ দিয়াৰ পাছতো গা লৰা নাই প্ৰশাসনৰ । উপায়বিহীন হৈ কয়লাৰ প্ৰদূষণত নিজ গৃহ বাসোপযোগী হৈ নথকাৰ পাছত এতিয়া সাংবাদিকৰ কাষ চাপিছে চূণপোৰাৰ নৱশ্যাম মেছ নামৰ ব্যক্তি জন।

প্ৰশাসনৰ চকুৰ আগতে এইদৰে অবৈধ ভাৱে মুকলিকৈ স্থাপন কৰা কয়লা ডিপো সমূহ দেখিও কিয় নীৰৱ প্ৰশাসন সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *