কাৰ্বি আংলং আৰক্ষীৰ জালত বিহাৰৰ ড্ৰাগছ সৰবৰাহকাৰী
বোকাজান মহকুমা আৰক্ষীৰ দুটা দিনত দুটাকৈ সফল অভিযান গঢ় দিবলৈ সক্ষম হৈছে,
বিশেষ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত বোকাজান বিলাটিমাটি অতিথি শালাৰ সমীপতে থকা CRPF কেম্পৰ সন্মুখত 39 নং ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল নাকা তালাচি
কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ নেতৃত্বত চলিছিল ড্ৰাগছ বিৰোধী অভিযান
পাঁচ কিলোগ্ৰাম ব্ৰাউন চুগাৰসহ জব্দ কৰাৰ লগতে আৰক্ষীৰ জালত ধৃত সৰবৰাহকাৰী বিহাৰৰ সুনীল কুমাৰ
জব্দকৃত ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য পোন্ধৰ কোটি টকা হব বুলি আৰক্ষীয়ে অনুমান কৰিছে।
বৰ্হি:ৰাষ্ট্ৰৰ পৰা বিহাৰ হৈ অসমলৈ ড্ৰাগছখিনি সৰবৰাহ কৰাৰ সন্দেহ আৰক্ষীৰ
অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহ কাৰীটোক জেৰা অব্যাহত ৰাখিছে।
