কাঠনি গাওঁ পঞ্চায়তত ব্যাপক কেলেংকাৰী ।ৰাইজৰ তীব্ৰ প্ৰতিবাদ । উল্লেখযোগ্য যে লাহৰীঘাট উন্নয়ন খণ্ডৰ কাঠনি গাওঁ পঞ্চায়তত সংঘটিত হোৱা বিয়াগোম দূৰ্নীতি আৰু কেলেংকাৰী সন্দৰ্ভত আজি কাঠনি গাওঁ পঞ্চায়ত কাৰ্য্যালয় চৌহদতত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । পঞ্চায়তটোৰ সভানেত্ৰী ৰৌজলিন ফাৰুকীক গ্ৰেপ্তাৰ কৰক , দূৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্ত লাগে আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰে কাঠনিবাসী ৰাইজে । গাওঁ পঞ্চায়তটোত বিশেষকৈ 14 Finance আৰু 15 Finance আঁচনিৰ একাংশ কাম নকৰাকৈ ধন আত্মসাৎ কৰাৰ অভিযোগ সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে । সংশিষ্ট বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰীৰ লগত মিলি সভানেত্ৰীগৰাকীয়ে চলাই গৈছে পৰ্বতসম দূৰ্নীতি । এইক্ষেত্ৰত মৰিগাওঁ জিলা উপায়ুক্তৰ হস্তক্ষেপৰ দাবী জনায় প্ৰতিবাদী ৰাইজে ।
