কলিয়াবৰত ৰহস্যজনক ভাবে উদ্ধাৰ এটি মৃতদেহ

কলিয়াবৰত ৰহস্যজনক ভাবে উদ্ধাৰ এটি মৃতদেহ ।কলিয়াবৰৰ শিলঘাট তিমনাবস্তি গাওঁত উদ্ধাৰ হৈছে এটি মৃতদেহ । নিজৰ ঘৰৰ বিছনাতে নিশা উদ্ধাৰ কৰা হয় মৃতদেহটো । মৃত লোকজনৰ নাম ৰুছন শেখ। ঘটনাস্থলীত স্থানীয় আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নাগাওঁলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ।স্থানীয় ৰাইজে এইয়া এক হত্যা কাণ্ড বুলি সন্দেহ কৰিছে । মৰণোত্তৰ পৰীক্ষাৰ পাছতহে এইয়া হত্যা নে সাধাৰণ মৃত্যুৰ ঘটনা এই কথা পোহৰলৈ আহিব ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *