কলিয়াবৰত বাঘৰ আতংক । বাঘ চিকাৰৰ বাবে অনা বন্দুক জব্দ। এটা মৃত গৰুৰ কাষত থকা বাঘলৈ লক্ষ্য কৰি হাতে সজা বন্দুকৰে গুলী নিক্ষেপ দুই দুস্কৃতিকাৰীৰ। ঘটনাটো কলিয়াবৰ চাহ বাগিচাৰ তেৰ নম্বৰ লাইনৰ ।
ঘটনাৰ বিবৰণী মতে গুলী শব্দ অনুসৰণ কৰি ঘটনাৰ স্থানত উপস্থিত হয় শিলঘাটৰ প্ৰকৃতিপ্ৰেমী সঞ্জীব ডেকা।
সঞ্জীব ডেকাক দেখি বন্দুক এৰি পলায়ণ দুস্কৃতিকাৰীৰ।
গুলী শব্দ শুনি ঢেকীয়াপতীয়া বাঘটো পলায় যায়।
শিলঘাট আৰক্ষী আৰু বনবিভাগক খবৰ দিয়াত উক্ত স্থানত উপস্থিত হয় আৰক্ষী-বনবিভাগৰ লোক।
আৰক্ষীয়ে জব্দ কৰে হস্ত নিৰ্মিত বন্দুকটো। শিলঘাট বনবিভাগৰ ফালৰ পৰা এজাহাৰ দাখিল শিলঘাট আৰক্ষী চকীত ।
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
