কলিয়াবৰত বনৰজাৰ সন্ত্ৰাস

কলিয়াবৰত বনৰজাৰ সন্ত্ৰাস । ঢেকীয়াপতিয়াৰ ভয়ত উজাগৰী নিশা কটাইছে কলিয়াবৰ চাহ বাগিচাৰ জনসাধাৰণে ।আজি ভালেমান দিনৰ পৰা এটা ঢেকীয়াপতিয়া বাঘৰ পৰিয়ালে মুক্ত বিচৰণ কৰি আছে শিলঘাট অঞ্চলত । কলিয়াবৰ চাহ বাগিচা আৰু ইয়াৰ পাৰ্চবৰ্তী এলেকাত প্ৰায়ে বিচৰণ কৰি থকা দেখা যায় ঢেকীয়াপতিয়া কেইটাক । দিনৰ ভাগত চাহ বাগিচাৰ মাজত বিচৰণ কৰা বাঘে নিশাৰ ভাগত প্ৰৱেশ কৰে জনাঞ্চলত । মানুহৰ পশুধন নিধন কৰি ফুৰা বাঘক লৈ এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজ । স্থানীয় প্ৰশাসনে কামাখ্যা দেৱালয় সংযোগী আৰু ত্ৰিশূলধাৰী মন্দিৰ সংযোগী গৰকাপ্তানী পথত বিয়লি চাৰি বজাৰ পৰা পুৱা ন বজালৈ ১৪৪ ধাৰা জাৰি কৰিয়েই নিজৰ দায়িত্ব সামৰিছে । উদাসীন বনবিভাগ , ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰ । মাজত মৰণ মিলিছে স্থানীয় জনসাধাৰণৰ । ঢেকীয়াপতিয়া ৰ ভয়ত এতিয়া বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে কলিয়াবৰ চাহ বাগিচাৰ লালডেঙাবাসী । নিজৰ ঘৰ এৰি সকলোৱে একগোট হৈ কটাব লগীয়া হৈছে নিশা । স্থানীয় প্ৰশাসন , বনবিভাগ , আৰক্ষী প্ৰশাসন কাৰোয়েই যেন আহৰি নাই এই সকলৰ খবৰ লোৱাত , সুৰক্ষা প্ৰদান কৰাত । প্ৰচণ্ড খং আৰু ক্ষোভত তেওঁলোকৰ প্ৰশ্ন ” আমি আদিবাসী বোৰ মানুহ নহয় নেকি ?

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *