কলিয়াবৰত বনৰজাৰ মুক্ত বিচৰণ ।বন্যহস্তীৰ পিছত এতিয়া কলিয়াবৰত দেখা গৈছে বনৰজাৰ মুক্ত বিচৰণ । শিলঘাট বনখণ্ডৰ আলেকাধীন কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা কলিয়াবৰ চাহ বাগিচা আৰু ইয়াৰ পাৰ্চবৰ্তী অঞ্চলত প্ৰত্যক্ষ কৰা হৈছে ঢেকীয়াপতিয়া বাঘ । আজি কিছু দিন ধৰি চাহ বাগিচা খনৰ লগতে কাষৰীয়া শিলঘাট , সোনাৰী-কামাখ্যা , তপা হোলা আদি স্থানত ৰাইজে প্ৰত্যক্ষ কৰিছে ঢেকীয়াপতিয়া বাঘ । প্ৰথমে এটা বুলি ভবা হৈছিল যদিও ৰাইজে কেইবাটাও বাঘ থকা বুলি ধাৰণা কৰিছে । ইতিমধ্যে কাষৰীয়া অঞ্চলৰ পশুধন নিধন কৰিবলৈ আৰম্ভ কৰিছে ঢেকীয়াপতিয়াই । বাঘৰ উপস্থিতিক লৈ ৰাইজ আতংকিত হোৱাৰ বিপৰীতে কিছু অতুৎসাহী লোকে বাঘ চাবলৈ , কেমেৰাত বন্দী কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে ।
