কলকাতাৰ মালদাত সংঘটিত হৈছে এক ভয়াবহ ঘটনা

কলকাতাৰ মালদাত সংঘটিত হৈছে এক ভয়াবহ ঘটনা।বিদ্যালয়ৰ ভিতৰত উদ্যত মাৰণাস্ত্ৰ লৈ বিদ্যালয়ত সোমাল এজন যুৱক। ক্লাছ চলি থকাৰ সময়তে হাতত পিষ্টল লৈ শ্ৰেণীকোঠাত সোমাল যুৱকজন। লগত এচিডৰ বটল আছিল।জানিব পৰা মতে, লোকজনৰ নাম ৰাজু বল্লভ। লোকজনে বিদ্যালয়ৰ ক্লাছ চলি থকাৰ সময়তে মাৰণাস্ত্ৰ আৰু এচিডৰ বটল লৈ শ্ৰেণীকোঠাত প্ৰৱেশ কৰে। তাৰ পিছতে বেগৰ পৰা এচিডৰ বটল উলিয়াই শ্ৰেণীকোঠাৰ টেবুলত ৰাখে। মালদাৰ মুচিৰা চন্দ্ৰমোহন হাইস্কুলত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয়। পিছত আৰক্ষীয়ে লোকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *