কমতাপুৰকলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ উপ সভাপতি আৰু সাধাৰণ সম্পাদকৰ প্ৰতিক্ৰিয়া প্ৰকাশ

কমতাপুৰকলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ উপ সভাপতি আৰু সাধাৰণ সম্পাদকৰ প্ৰতিক্ৰিয়া প্ৰকাশ। KLOৰপৃথক কমতাপুৰ দাবীৰ সম্পৰ্কত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)‌ৰ কেন্দ্ৰীয় উপ সভাপতি আৰু সাধাৰণ সম্পাদকৰ প্ৰতিক্ৰিয়া প্ৰকাশ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোনিতপুৰ জিলা সমিতিৰ যোৱা ২০/০১/২০২৩ তাৰিখে অনুষ্ঠিত হোৱা অধিবেশনত অংশ গ্ৰহণ কৰাৰ লগতে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উপ সভাপতি আৰু সাধাৰণ সম্পাদক গৰাকীয়ে। কোছ সকলৰ কমতাপুৰ দাবীৰ এক ঐতিহাসিক পটভূমি আছে যদিও বৰ্তমান অসম খন দ্বিখণ্ডিত হোৱাতো নিবিচাৰে আছাই ৷কোনোবা জাতি-জনগোষ্ঠীৰ অধিকাৰ যদি চৰকাৰে দিব বিচাৰে সেয়া তেওঁলোকে আদৰনী জনাব বুলি মন্তব্য আগবঢ়াইছে উপ সভাপতি আৰু সাধাৰণ সম্পাদকে। ইয়াৰোপৰি কোছ ৰাজবংশী সকলৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতি কৰন,চাহ বাগিছাৰ লোকক ভূমি পট্টা প্ৰদান, শিক্ষাৰ অধিকাৰ প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় নেতা দুগৰাকীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *