এদিনীয়া বিশ্বকাপত পুৰস্কাৰৰ নামত আইচিচিয়ে ব্যয় কৰিব ৮২ কোটি টকা

আগন্তুক এদিনীয়া বিশ্বকাপৰ বিজয়ীয়ে ৪ নিযুত আমেৰিকান ডলাৰ (প্ৰায় ৩৩.১৭ কোটি টকা) লাভ কৰিব। আনহাতে ৰানাৰ্ছ-আপে ২ নিযুত আমেৰিকান ডলাৰ (প্ৰায় ১৬.৫৮ কোটি টকা) লাভ কৰিব বুলি শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) জানিবলৈ দিয়ে। আইচিচিয়ে অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনত অনুষ্ঠিত হ’বলগীয়া সকলো ৪৮ খন খেলৰ বাবে পুৰস্কাৰৰ ধন আৰু ইনচেণ্টিভ ঘোষণা কৰে।
ছেমি ফাইনেলত পৰাজিত হোৱা দুয়োটা দলে সমান ৬.৬৩ কোটি টকা লাভ কৰিব। নকআউট পৰ্যায়ত উপনীত হ’বলৈ ব্যৰ্থ হোৱা দলবোৰে ৮২ লাখকৈ টকা লাভ কৰিব। গ্ৰুপ পৰ্যায়ৰ খেলসমূহৰ বিজয়ীয়ে ৩৩.১৭ লাখকৈ টকা পুৰস্কাৰ লাভ কৰিব। আইচিচিয়ে এই প্ৰতিযোগিতাৰ সময়ত বিজয়ী দলসমূহৰ পুৰস্কাৰৰ বাবে ৮২.৯৩ কোটি টকা ব্যয় কৰিব।
ক্ৰিকেটৰ শীৰ্ষ সংস্থাই প্ৰতিযোগিতাখন খেলুৱৈ আৰু অনুৰাগী দুয়োৰে বাবে অধিক প্ৰতিযোগিতামূলক আৰু মনোৰঞ্জনমূলক কৰি তুলিবলৈ এই সিদ্ধান্ত লৈছে। উল্লেখ্য যে ৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈ ভাৰতত বিশ্বকাপ অনুষ্ঠিত হ’ব। ৪৫ খন লীগ মেচ আৰু তিনিখন নকআউট মেচ হ’ব। এইবাৰ পুৰুষৰ এদিনীয়া বিশ্বকাপৰ ত্ৰয়াদশ সংস্কৰণ হ’ব আৰু প্ৰতিযোগিতাখনত ১০ টা দলে (ভাৰত, আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, নিউজিলেণ্ড, পাকিস্তান, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা আৰু নেডাৰলেণ্ড) অংশগ্ৰহণ কৰিব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *