উন্নয়ন মূলক চৰকাৰৰ ফোঁপোলা স্বৰূপ

উন্নয়ন মূলক চৰকাৰে কিমান যে উন্নয়ন মূলক কাম কৰিছে সেয়া আপুনি নিশ্চিত ভাবে জানে।

হয় লামডিং সমষ্টিৰ অন্তৰ্গত নখুটিৰ ২ নং চাকেবস্তীৰ কেইবাখনো অঞ্চলৰ ৰাইজে কেইবাটাও বছৰৰ পৰা ভুগি আছে বিশুদ্ধ খোৱা পানীৰ অভাৱত ।

লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ ওচৰত ৰাইজে কেইবাবাৰো আবেদন কৰিছিল খোৱা পানীৰ সমস্যা লৈ , কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে আজি স্থানীয় ৰাইজে ।

যাৰ কাৰণে বৰ্তমান বিদ্যালয়ত যোৱা ছাত্ৰ ছাত্ৰীসকলৰ এই অশুদ্ধ পানী খাই অসুস্থ হৈ পৰিছে ।

জানিব পৰা মতে শিশুসকল বৰ্তমান কাৰোবাৰ হাত আন কাৰোবাৰ ভৰি অচল হৈ পৰিছে ।

আজি স্থানীয় ৰাইজে কান্দি কান্দি অসম মুখ্যমন্ত্ৰী লৈ আহ্বান কৰিছে নখুটিৰ ২নং চাকেবস্তীৰ পানীৰ সমস্যাৰ সমাধান কৰিবলৈ ।


চৰকাৰ বা লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই চকু দিব নে ?

নে আৰু কণ কণ ল’ৰা ছোৱালীৰ ভবিষ্যত অন্ধকাৰৰ পথলৈ ঠেলি দিব । সেয়া হ’ব সময়ত লক্ষণীয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *