আশ্রয় লোৱা ব্যক্তিয়ে বেদখল কৰিলে আশ্রয় দাতাৰ মাটি।

আশ্রয় লোৱা ব্যক্তিয়ে বেদখল কৰিলে আশ্রয় দাতাৰ মাটি।
থানাত এজাহাৰ আশ্ৰয় দাতাৰ ওপৰত..!
আপুনি নিজৰ ভূমিত আনক আশ্ৰয় দিয়ে নেকি…?
আপুনি কাৰোবাৰ বিপদৰ সময়ত নিজৰ ভুমিত থাকিবলৈ দিয়ে নেকি..?
তেতিয়া হ’লে সাৱধান হওক এতিয়াৰ পৰা..!
কাৰণ::এইবাৰ নিজৰ ভুমিত বেলেগক আশ্ৰয় দি বিপদত পৰিছে এজন ব্যক্তি..! বাঘবৰ সমষ্টিৰ ভাতনাপাইতিত সংগঠিত হৈছে এই ঘটনা।
উল্লেখ্য যে ভাতনাপাইতিৰ আব্দুল হাশেম নামৰ ব্যক্তিজনে আনোৱাৰ আলী ওৰফে আনু নামৰ ব্যক্তি এজনক
নিজৰ ভুমিত ঘৰ বান্ধি থাকিবলৈ দিছিলে কেইটামান মাহৰ বাবে ।
কিন্তু এইবাৰ আনোৱাৰ আলী ওৰফে আনুৱে মাটি খিনি নিজৰ বুলি দম্ভালি মাৰি ফুৰিছে..!
আনোৱাৰ আলী ওৰফে আনু নামৰ এইজন দূষ্ট প্ৰকৃতিৰ লোকে ২৫ হাজাৰ টকাত মাটি বন্ধকত লৈছিল আব্দুল হাশেমৰ পৰা ।
কিন্তু দিন ওকলি যোৱাৰ পিছতো যেতিয়া মাটিখিনি ঘুৰাই নিদিয়ে,
এতিয়া আব্দুল হাশেমৰ পঢ়িয়ালে সমাজত বিচাৰ দিয়াত সমাজৰ পৰা এখনি সভা পাতি দুয়োটা পৰিয়ালৰ উপস্থিতিত
আনুৱে মাটিখিনি ঘুৰাই দিব বুলি প্ৰতিশ্ৰুতি দিয়ে..?
ৰাজহুৱা সমাজৰ সিদ্ধান্ত মৰ্মেই ১মাহ পিছত আনুৱে বেলেগ ঠাইত গুচি যাব বুলি সমাজক অনানুষ্ঠানিকভাৱে জনায়।
কিন্তু চাৰি মাহ পাৰ হোৱাৰ পিছতো যেতিয়া মাটি এৰি নিদিয়ে তেতিয়া আব্দুল কাশেমৰ পৰিয়ালে সমাজৰ মূৰব্বী কেইজনক লগত লৈ যোৱা সোমবাৰে পুৱা জাননী দিবলৈ যায়।
আৰু গাওঁৰ মুখিয়াল ব্যক্তিসকলক লৈ যোৱাত মিথ্যাবাদী আনোৱাৰ আলী ওৰফে আনুয়ে বিভিন্ন ধৰণৰ গালি-ঘালাজ পাৰে।
আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আশ্ৰয়দাতা হাশেম আলীৰ ওপৰত মিছা অভিযোগেৰে আলোপতি থানাত এখন এজাহাৰও দাখিল কৰে ।।
ঘৰত মাৰিবলৈ অহা বুলি মিছা অভিযোগেৰে দাখিল কৰে এই অভিযোগ।
কিন্তু আটাইতকৈ উল্লেখনীয় কথাটো হৈছে যে এবাৰ আনুৱে লিখিত শপত নামা দিও,
এতিয়া হঠাৎ মাটি দখলত লোৱাৰ এক নেৰানেপেৰা ব্যৰ্থ চেষ্টা এই ধুৰন্ধৰ ব্যক্তিজনৰ।
এক নিৰ্ল্লজ কাণ্ড..!
কথাতে আছে নহয়,, উপকাৰীক অজগৰে খায়..!
আৰু তেনে ঘটনাই সংঘটিত হল হাশেম আলীৰ লগত..!
এতিয়া উপায়বিহীন, হতভম্ব আশ্ৰয় দাতা, হতভম্ব স্থানীয় ৰাইজৰ লগতে মূৰব্বী।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *