আজি মহো-হো:

আজি মহো-হোঃ।নামনি অসমৰ এটা জনপ্ৰিয় উৎসৱ মহ খেদা বা মহো-হো। অতীজৰে পৰা নামনি অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ পালন হৈ আহিছে। প্ৰতিবছৰৰ আঘোণৰ পূৰ্ণিমাৰ দিনা মহো-হো উৎসৱ পালন কৰা হয়।ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও মহোহো উদযাপন দেখিবলৈ পোৱা যায়। বিশেষকৈ কামৰূপ, গোৱালপাৰা, নলবাৰী, বৰপেটা, দৰং, বাক্সা আদি জিলাত ইয়াৰ প্ৰচলন দেখা যায়। এই দিনটোত মহবোৰক খেদি দিয়া হয় আৰু মহৰ পৰা ৰাইজে পৰিত্ৰাণ পায়।অসমৰ প্ৰতিটো উৎসৱৰ সৈতে জনবিশ্বাস জড়িত হৈ থাকে।কোৱা হয়, এই দিনটোত ঘৰে ঘৰে গৈ মহ খেদিলে মহবোৰে ভয় খাই আঁতৰি যায়। উল্লেখ্য যে, এই সময়চোৱাত ঘৰত মহ, পথাৰত কীট পতংগ আদি ভৰি পৰে। লোকবিশ্বাস অনুসৰি মহোহোৰ পাছতেই মহবোৰ কমি যায় আৰু ইয়াৰ পাছতেই খেতিয়কে ধান দোৱা আৰম্ভ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *