অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম অধিবেশনৰ লাই খুটা স্থাপন

“চিৰ চেনেহী মোৰ ভাষা জননী”
অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম অধিবেশনৰ লাই খুটা স্থাপন অনুষ্ঠান।অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম অধিৱেশন অনুষ্ঠিত হ’ব লখিমপুৰ জিলাৰ নাৰায়ণপুৰত।আজি অধিৱেশনৰ লাই খুঁটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হয়।নাৰায়ণপুৰ বৰ খামতি পথাৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশন।
২০২৩ চনৰ ৩১ জানুৱাৰী পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬ কোটি ৪০ লাখ টকাৰ ব্যয়বহুল বাজেটেৰে অনুষ্ঠিত হ’ব। আজি লাই খুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ পৰ্যটন আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু লগতে অসম সাহিত্য সভাৰ জিলা সমিতি সমূহৰ সভাপতি সম্পাদকৰ লগতে শাখা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে। লাই খুঁটা স্থাপন অনুষ্ঠানত অসম সাহিত্য সভাৰ ৭৬ পতাকা উত্তোলন কৰাৰ লগতে ৭৬ যোৰা গায়ন বায়ন পৰিবেশন কৰা হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *