অভিভাৱক সকল সতৰ্ক হওক ৷ আপোনাৰ সন্তানৰ হাতত থকা মবাইলটোৱে ঘটাবপাৰে অথন্তৰ ৷ বুধবাৰে পুৱা গোলাঘাটৰ বাটা চাৰিয়ালিৰ এটা বেংকৰ কাষত এটা বেগত যাৱতীয় সামগ্ৰী সহ উপস্থিত হয় এগৰাকী কিশোৰী ৷ কিশোৰীজনীয়ে কান্দি থকা দেখি কাষচাপিল কাষৰীয়া লোক সকল ৷ প্ৰশ্নৰ উত্তৰত কিশোৰীয়ে জানিবলৈ দিলে যে তেওঁ গোলাঘাটৰ ৰঙাগড়াৰ পৰা আহিছে ৷ পাচঁ বছৰৰ পূৰ্বৰপৰা ইন্ষ্টাৰগ্ৰাত চিনাকী হৈ প্ৰেমত পৰিল দিল্লীৰ অনিল কাপোৰ নামৰ যুবকজনৰ সৈতে ৷ সেয়েহে প্ৰেমিকক লগত সংসাৰ কৰা আশাৰে তেওঁ উপস্থিত হ’লহি গোলাঘাট চহৰত ৷ চহৰলৈ আহি ফোনকৰিলে প্ৰেমিকলৈ ৷ প্ৰেমিকে গুৱাহাটীলৈ আহিবলৈ কলে ৷ কিশোৰী প্ৰেমিকাই গুৱাহাটীলৈ কেনেকৈ যাবপাৰি নেজানে ৷ সেয়েহে কান্দি কান্দি বহিপৰিল বেংকৰ চিৰিত৷ উপস্থিত ৰাইজে কিশোৰেগৰাকীক বহুত বুজালে ৷ কিন্ত তেওঁ প্ৰেমিকৰ ওচৰলৈ হে যোৱাৰ মন ৷ আৰক্ষীক খবৰ দিয়াৰ পিছত আৰক্ষী আহি কিশোৰীগৰাকীক থানালৈ নিব বিছৰাত তেওঁ থানালৈ যাবলৈ অমান্তি হ’ল ৷ বহু সময় বুজনি দিয়াৰ পিছত আৰক্ষীয়ে কিশোৰী গৰাকীক থানালৈ লৈ যায় ৷
