অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ।আজি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে।অসম চৰকাৰ হায় হায় মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হায় হায়।যোগান মন্ত্ৰী কাম নাই।এই জুই জলিছে জলিবই আদি শ্লগানেৰে আকাশ বতাহ কপাই তুলি এক বৃহৎ ৰেলীৰে পুৰণি চৰকাৰী ল’ৰা হাইস্কুলৰ খেলপথাৰৰ পৰা থানা চাৰিআলিৰ হৈ বজাৰৰ মাজেদি আকাশ বতাহ কপাই তুলি যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ ফটো মৃতকৰ ৰূপত উলমাই এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে মন্তব্য প্ৰকাশ কৰি কয় যে যিটো সময়ত মুখ্য মন্ত্ৰী গৰাকীয়ে বিশ্ব ৰেকৰ্ড গঢ়াৰ কথা কয় সেই সময়ত অসমৰ মূল্য বৃদ্ধিয়ে অসমৰ ৰাইজক কোঙা কৰি পেলাইছে আৰু তাৰ বাবে মুখ্য মন্ত্ৰী আৰু যোগান মন্ত্ৰী গৰাকীয়ে পুৰস্কাৰ পাৱ লাগিছিল বোলিও এক ইতিকিং সুচক মন্ত্যব কৰে।
