পৃথিৱীৰ সৰ্ববৃহৎ মটৰ চাইকেল আৰু স্কুটাৰ নিৰ্মাতা প্ৰতিষ্ঠান হিৰো মট’কৰ্পে আগবঢ়াইছে পেচন+ নামৰ এক ষ্টাইলিছ আৰু টেক-লোডেড প্ৰডাক্ট। পেচন+ হৈছে ষ্টাইল, আৰাম আৰু সুবিধাৰ সংমিশ্ৰণ, যাৰ ফলত ই দৈনন্দিন অহা-যোৱা কৰাৰ বাবে এক আদৰ্শ বিকল্প কৰি তুলিছে। ই আইকনিক ব্ৰেণ্ড পেচনৰ লিগেচীৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে যাতে চালকসকলে সুবিধা আৰু অধিক আৰাম লাভ কৰিব পাৰে।
হিৰো পেচন+ হৈছে ষ্টাইলিছ ক্ৰ’ম ফিনিচিং, কিয়নো ই আই3এছ বুটামৰ সৈতে ডিজি এনালগ ক্লাষ্টাৰ, চাইড-ষ্টেণ্ড ইণ্ডিকেটৰ, স্পীডোমিটাৰ, ট্ৰিপ মিটাৰ, অড’মিটাৰ, ফুৱেল গেজ, হেডলাইট ইণ্ডিকেটৰ, টাৰ্ন ইণ্ডিকেটৰ আৰু মোবাইল চাৰ্জিং প’ৰ্টৰ সুবিধাযুক্ত এখন মটৰ চাইকেল। ইয়াৰ প্লাছ বা বিলাসী আসন আৰু কম চেডেলৰ উচ্চতাৰ জৰিয়তে উৎকৃষ্ট এৰ্গোনোমিক্স প্ৰদান কৰে, একেদৰে ইয়াৰ এটা ১০০ চিচি বিএছ-ভিআই আৰু অ’বিডি-২ ফেজ কমপ্লায়েণ্ট ইঞ্জিন যিয়ে ৫.৯ কিলোৱাট @ ৮০০০ আৰপিএম আৰু ৮.০৫ এনএম @ ৬০০০ আৰপিএম প্ৰস্তুত কৰে।
হিৰো মট’কৰ্পৰ চীফ গ্ৰুওথ অফিচাৰ (চিজিঅ’) ৰঞ্জিৱজিৎ সিঙে কয় যে, “ৰাইডাৰৰ সুবিধাৰ বাবে ইয়াৰ ষ্টাইলিছ লুক আৰু ৰোমাঞ্চকৰ বৈশিষ্ট্যৰ সৈতে আমি নিশ্চিত যে নতুন পেচন+য়ে গ্ৰাহকৰ মাজত ইয়াৰ আকৰ্ষণ বৃদ্ধি কৰিব আৰু এই ছেগমেণ্টত আমাৰ উপস্থিতি আৰু অধিক শক্তিশালী কৰিব৷” নতুন পেচন+ সমগ্ৰ দেশৰ হিৰো মট’কৰ্পৰ ডিলাৰত ৭৬,৩০১/-(এক্স-শ্ব’ৰুম, দিল্লী) টকাৰ আকৰ্ষণীয় মূল্যত উপলব্ধ।