ৰাহুল গান্ধীৰ বাবে কমবয়সীয়া ছোৱালীৰ অভাৱ নাই, ৫০ বছৰীয়া এগৰাকী মহিলাক তেওঁ ফ্লায়িং কিছ দিব কিয়?- স্মৃতি ইৰাণীক উভতি ধৰিলে মহিলা সাংসদে…

কম বয়সীয়া ছোৱালীৰ অভাৱ নাই ৰাহুল গান্ধীৰ বাবে। গতিকে ৫০ বছৰীয়া এগৰাকী মহিলাক তেওঁ কিয় চুমা খাব? এই প্ৰশ্ন উত্থাপন কৰে বিহাৰৰ মহিলা কংগ্ৰেছৰ এগৰাকী সাংসদে। ৰাহুল গান্ধীৰ সদনত ফ্লায়িং কিছক লৈ বিজেপি মন্ত্ৰী স্মৃতি ইৰাণীয়ে সূত্ৰপাত ঘটোৱা বিতৰ্কৰ পিছতে এই মন্তব্য কৰে বিহাৰৰ মহিলা সাংসদ নীতু সিঙে।

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দাবী কৰে যে অনাস্থা প্ৰস্তাৱৰ আলোচনাৰ সময়ত ৰাহুল গান্ধীয়ে তেওঁক ফ্লায়িং কিছ প্ৰদান কৰি সদনৰ গৰিমাৰ আঘাত হানিছে। তেতিয়াৰ পৰাই সূত্ৰপাত ঘটিছে এই বিতৰ্কৰ।

বিহাৰৰ সাংসদ নীতু সিঙে কয়, ‘আমাৰ নেতা ৰাহুল গান্ধীৰ বাবে কমবয়সীয়া ছোৱালীৰ অভাৱ নাই। ফ্লায়িং কিছ দিব লগা হ’লে সৰু কাৰোবাক দিব পাৰিলেহেঁতেন। ৫০ বছৰীয়া এগৰাকী মহিলাক তেওঁ কিয় চুমা যাঁচিব?’’ নীতুৱে স্পষ্ট কৰি দিয়ে যে ৰাহুলৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ ভিত্তিহীন।

নীতুৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই। কংগ্ৰেছ সাংসদগৰাকীৰ মন্তব্যক সমালোচনা কৰি শ্বেহজাদে কয় যে কংগ্ৰেছ আচলতে নাৰীবিদ্বেষী দল। সদনত ৰাহুল গান্ধীয়ে কৰা সকলো ভুলৰ সপক্ষে যুক্তি দিছে।” প্ৰসংগক্ৰমে চুমা বিতৰ্কত ৰাহুলৰ কাষত থিয় দিছে প্ৰিয়ংকা চতুৰ্বেদী, মহুৱা মৈত্ৰাৰ দৰে মহিলা নেত্ৰী।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *