ৰাজ্যৰ বিভিন্ন বিভাগত পুনৰ ৫,৫৬৩টা খালী পদৰ বাবে বিজ্ঞাপন প্ৰকাশ…

অসম চৰকাৰে শনিবাৰে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৫,৫৬৩টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰি ৰাজ্যত ১ লাখ চৰকাৰী চাকৰি প্ৰদানৰ এখোজ ওচৰ চাপিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সৰ জৰিয়তে বিজ্ঞাপনটো ঘোষণা কৰি কয় যে, “প্ৰতিশ্ৰুতি অনুসৰি আজি আমি ৫,৫৬৩টা পদৰ বিজ্ঞাপন মুকলি কৰিছো, যিটো আমাৰ ১ লাখ চৰকাৰী চাকৰি প্ৰদানৰ লক্ষ্যৰ এখোজ ওচৰ চাপিছে। অলপ পিছতে আন ১৫,০০০ খালী পদৰ ঘোষণা হ’ব।”

মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় যে অতি সোনকালে অতিৰিক্ত ১৫ হাজাৰ খালী পদ ঘোষণা কৰা হ’ব।

নিম্নোক্ত পদৰ বাবে নিযুক্তিৰ বিজ্ঞাপন ঘোষণা কৰা হৈছে:-

অসম আৰক্ষীত আৰক্ষী উপ পৰিদৰ্শক (ইউ বি)ৰ ১৪৪টা পদত নিযুক্তি

অসম আৰক্ষী কমাণ্ডো বেটেলিয়নৰ বাবে উপ পৰিদৰ্শক (এবি)ৰ ৫১টা পদত নিযুক্তি

অসম আৰক্ষী ৰেডিঅ’ সংগঠন (APRO) ৰ Sub Inspector of Polic (Communication) ৰ ৭ টা পদৰ বাবে নিযুক্তি

অসম আৰক্ষীত হিলছ ট্ৰাইব কেটেগৰীত কনিষ্টবল (ইউ বি)ৰ ১১৪টা & কনষ্টেল (এবি)ৰ ১টা বেকলগ পদৰ বাবে নিযুক্তি

অসম কমাণ্ডো বেটেলিয়নৰ বাবে কনিষ্টবল এবিৰ ১৬৪টা পদত নিযুক্তি

অসম আৰক্ষীত কনিষ্টবল (ইউ বি)ৰ ১৬৪৫টা, কনিষ্টবল (এবি)ৰ ২৩০০টা আৰু এপ্ৰ’ত কনিষ্টবল (ইউবি)ৰ ১টা পদত নিযুক্তি

এ পি আৰ অ’ত কনিষ্টবল (কমিউনিকেচন)ৰ ২০৪টা পদত কনিষ্টবল (ডিস্পেচ ৰাইডাৰ) ২টা, কনিষ্টবল (মেচেঞ্জাৰ) ২টা আৰু কনিষ্টবল (কাৰ্পেণ্টাৰ)ৰ ২টা পদৰ বাবে নিযুক্তি।

ডিজিচিডি আৰু চিজিএইচডিৰ অধীনত সহকাৰী উপ নিয়ন্ত্ৰক, অসামৰিক প্ৰতিৰক্ষা (জেআৰ)ৰ ১টা আৰু অসামৰিক প্ৰতিৰক্ষা প্ৰদৰ্শক/বেতাঁৰ অপাৰেটৰৰ ১২টা পদৰ বাবে নিযুক্তি

অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সঞ্চালকালয়, অসমৰ অধীনত হাবিলদাৰৰ (নন-গেজেটেড, গ্ৰেড-III) ২ টা পদত নিযুক্তি

কাৰাগাৰ বিভাগ, অসমত ১ টা নাৰ্ছ, ২ টা লেবৰেটৰী টেকনিচিয়ান, ৪ টা শিক্ষক, ২ টা ক্ৰাফ্ট প্ৰশিক্ষক & ১ টা ট্ৰেক্টৰ অপাৰেটৰৰ নিযুক্তি

অসম আৰক্ষীৰ ৬৫৪ টা ড্ৰাইভাৰ কনিষ্টবল পদত নিযুক্তি

অসম আৰক্ষীৰ ৫৮টা নাৱৰীয়া পদত নিযুক্তি

অগ্নিনিৰ্বাপক & জৰুৰীকালীন সেৱা, অসমৰ অধীনত কুক (SDRF)ৰ ১০টা পদৰ বাবে নিযুক্তি

চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী (ৰন্ধন-২৬, নাপিত -১২, পানী বাহক – ৩, ধোবী – ১১ আৰু কবলাৰ – ২), অসম আৰক্ষীত, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী (ৰন্ধন – ৭, পানী বাহক – ২৪) ৫৩ টা পদৰ বাবে নিযুক্তি , ঢোবি – ১৪, নাপিত – ২, ইলেক্ট্ৰিচিয়ান – ২, প্লাম্বাৰ – ১, ৰাজমিস্ত্ৰী – ১ আৰু দৰ্জী – ৩) অসম কমাণ্ডো বেটেলিয়নৰ বাবে আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ৩৫ টা (ৰন্ধন-১৯, পানী বাহক – ৩, ঢোবি – ৭, নাপিত – ৩ আৰু কবলাৰ – ৩) ডিজিচিডি আৰু চিজিএইচডি, অসমৰ অধীনত

অসম আৰক্ষীৰ ৩০টা চাফাই কৰ্মচাৰীৰ পদত, অসম কমাণ্ডো বেটেলিয়নৰ ২টা চাফাই কৰ্মচাৰীৰ পদত, কাৰাগাৰ বিভাগৰ অধীনস্থ চাফাই কৰ্মচাৰীৰ ২টা পদ আৰু ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ৰ অধীনত ৩টা ছুইপাৰৰ বাবে নিযুক্তি ঘোষণা কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *