ৰাজ্যৰ বিভিন্ন অঞ্চলত সৌৰ বেৰ স্থাপন

ৰাজ্যৰ বিভিন্ন অঞ্চলত ধন-জন হানিৰ লগতে বন্যহস্তীৰ মৃত্যুৰ কাৰণ হৈ পৰা হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ চেষ্টাৰ অংশ হিচাপে গোৱালপাৰা জিলাৰ বৰদল গাঁৱত (ডেওনাপাৰা দ্বিতীয় খণ্ড) চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন সৌৰ বেৰ স্থাপন কৰা হৈছে।

জিলাখনত হস্তী-মানৱ সংঘাতৰ অন্যতম ‘হটস্পট’ হিচাপে চিনাক্ত কৰা বৰদল গাঁৱৰ স্থানীয় লোকৰ নিৰীক্ষণত থাকিব লগা সৌৰ বেৰখন (সৌৰশক্তিচালিত বৈদ্যুতিক বেৰ) উত্তৰ-পূৰ্বাঞ্চলত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু গৱেষণাৰ অগ্ৰণী সংগঠন আৰণ্য’কে আমেৰিকাৰ মৎস্য আৰু বন্যপ্ৰাণী সেৱা (ইউ এছ ফিছ এণ্ড ৱাইল্ডলাইফ ছাৰ্ভিচ)ৰ সহায়ত স্থাপন কৰিছে।

এই তাঁৰৰ সংস্পৰ্শলৈ অহাৰ লগে লগে হাতীয়ে মাইক্ৰ’ ছেকেণ্ডৰ এটা বৈদ্যুতিক শ্বক পাব আৰু সেই ঠাইৰপৰা আঁতৰি যাব। আৰণ্যকে ইতিমধ্যে ৰাজ্যখনত হস্তী-মানৱৰ সংঘাতৰ ঘটনা সংঘটিত হোৱা মুঠ ১৬টা স্থানত ৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এনে সৌৰ বেৰ নিৰ্মাণ কৰিছে। গোৱালপাৰা জিলাৰ ডাকুৰভিটা, নিৰিজা কাশীবাৰী, কোচপাৰা; বাসা জিলাৰ উত্তৰকুছি-সুৱণখাটা, লেব্ৰা শান্তিপুৰ, লেৱা শান্তিপুৰ দ্বিতীয় খণ্ড, নাগ্ৰীজুলি, ভূঞাপাৰা, দেওধৰ; ওদালগুৰি জিলাৰ ১ নং ছামৰং, ছেগুনবাৰী আদিৰ লগতে নগাঁও আৰু গোলাঘাট জিলাতো হস্তী-মানৱ সংঘাত ৰোধৰ বাবে সৌৰ বেৰ স্থাপন কৰিছে বুলি সংগঠনটোৱে জনায় ।

গোৱালপাৰা জিলাৰ বৰদল গাঁৱত স্থাপন কৰা চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ নৱতম সৌৰ বেৰখন যোৱা বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰঞ্জিৎ কোঁৱৰে বন বিভাগ, জিলা প্রশাসন আৰু আৰণ্যকৰ বিষয়ববীয়া আৰু সৌৰ বেৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰে।

আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড° বিভূতি প্ৰসাদ লহকৰে কয় যে গাঁওবাসীৰ শস্য আৰু অন্য সম্পত্তিৰ লগতে প্ৰাণ ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সৌৰ বেৰৰ লগতে হাতীৰ বিচৰণভূমি পুনৰুদ্ধাৰ কৰাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। তেওঁ কয় যে এই চাৰি কিলোমিটাৰৰ সৌৰ বেৰখনে বৰদল গাঁৱৰ লোকসকলৰ জীৱন-সম্পত্তি আৰু শস্যৰ সুৰক্ষা নিশ্চিত কৰিব। লগতে হাতীৰো জীৱন ৰক্ষা কৰিব। আনহাতে, হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ লগতে এই প্রযুক্তিয়ে হস্তী-মানুহৰ শান্তিপূর্ণ সহাৱস্থানৰো পৰিৱেশ সৃষ্টি কৰিব বুলি গোৱালপাৰাৰ বন বিষয়া ধ্ৰুৱ দত্তই মন্তব্য কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *