ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ ৩০২ দিন পূৰ্ণ হ’ল। ইফালে, ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে এতিয়ালৈকে ৰাছিয়া-ইউক্ৰেইন যুদ্ধত এক লাখতকৈও অধিক ৰাছিয়াৰ সৈনিকৰ মৃত্যু হৈছে। কেৱল এয়াই নহয়, এইটোও দাবী কৰি কোৱা হৈছিল যে এই সংখ্যা প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে। দ্য চানত এক প্ৰতিবেদনত বিশেষজ্ঞসকলে কৈছে যে ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে বিজয়ৰ বাবে জোৰ দি ১০ লাখ ৰাছিয়াৰ সৈনিকক বলি দিবলৈ কুণ্ঠাবোধ নকৰিব। দ্য চানে জনোৱা অনুসৰি ফেব্ৰুৱাৰীত আৰম্ভ হোৱা ৰাছিয়া-ইউক্ৰেইন যুদ্ধত পুটিনৰ সামৰিক বাহিনীয়ে দৈনিক গড়ে ৩৩২ জনৰ সৈন্য হেৰুৱাইছে। বিশেষজ্ঞসকলে কয় যে এয়া এক বৃহৎ পৰিমাণৰ সামৰিক বিফলতা, কিয়নো দুৰ্বল প্ৰশিক্ষণ আৰু অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা সৈনিকসকলক মৃত্যুৰ বাবে যুদ্ধলৈ পঠিয়াই দিয়া হৈছে। ৰাছিয়াৰ সৈন্যৰ মৃত্যুৰ সংখ্যা আফগানিস্তানত ৰাছিয়াৰ লোকচানতকৈ ছয় গুণ অধিক আৰু ইৰাকত আমেৰিকাৰ ক্ষতিতকৈ ২০ গুণ অধিক।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ১ লাখ ৰাছিয়া সৈনিকৰ মৃত্যু: ইউক্ৰেইন প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দাবী
