৭ মাৰ্চত দ্বিতীয়বাৰলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব কনৰাড চাংমাই

উত্তৰ-পূবৰ ৩ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল অলপতে ঘোষণা কৰা হয়। ত্ৰিপুৰা আৰু নাগালেণ্ডত বিজেপিয়ে পুনৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। বিজেপি মিত্ৰজোঁটে নাগালেণ্ডত ৩৭ খন আৰু ত্ৰিপুৰাত ৩৩ খন আসন লাভ কৰে। মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ এনপিপি মেঘালয়ৰ একক বৃহত্তম দল হিচাপে পুনৰ এবাৰ পৰিগণিত হয়। এনপিপিয়ে মেঘালয়ত ২৬ খন আসন লাভ কৰিছে, যি সংখ্যাগৰিষ্ঠতাতকৈ ৪ খন আসন কম। এনে পৰিস্থিতিত, বিজেপি আৰু এনপিপি আকৌ এবাৰ একেলগে হৈছে। নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰা কনৰাড চাংমাই গৃহমন্ত্ৰী অমিত শ্বাহক ফোন কৰি চৰকাৰ গঠনত সহায় বিচাৰিছিল। এই কথা নিশ্চিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি। যেতিয়া বিজেপিয়ে চাংমাক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছিল, তেতিয়া তেওঁ টুইট কৰি বিজেপিক ইয়াৰ সমৰ্থনৰ বাবে ধন্যবাদ জনাইছিল। তেওঁ কয়-আমি মেঘালয়ৰ সেৱা কৰিবলৈ একেলগে কাম কৰি যাম। অৰ্থাৎ পুনৰ এবাৰ মেঘালয়ত এনপিপি আৰু বিজেপি
মিত্ৰজোঁট চৰকাৰ গঠন হ’ব। উল্লেখ্য যে নেচনেল পিপলছ পাৰ্টিৰ (এনপিপি) মুৰব্বী কনৰাড চাংমাই ৭ মাৰ্চত মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত লব । এনপিপিৰ বিধায়ক প্ৰেষ্টন টিনচঙে কয় যে শপত গ্ৰহণ অনুষ্ঠান ৭ মাৰ্চত অনুষ্ঠিত হ’ব। বিজেপিৰ ৰাজ্যিক সভাপতি আৰ্নেষ্ট মাৱৰিৰ মতে, প্ৰধানমন্ত্ৰী মোদীয়েও অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে, চাংমাই তেওঁৰ দলৰ সকলো বিধায়কৰ সৈতে ৰাজভৱনত উপস্থিত হয়, য’ত তেওঁ ৰাজ্যপাল ফাগু চৌহানক সাক্ষাৎ কৰে আৰু পদত্যাগ পত্ৰ প্ৰদান কৰে। এনপিপিৰ মুৰব্বী কনৰাড চাংমা দ্বিতীয়বাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী হ’ব। ইয়াৰ পূৰ্বে, চাংমাই ৰাজ্যপালক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ দাবী জনাই। অৱশ্যে ৰাজ্যপালে চাংমাৰ পদত্যাগ গ্ৰহণ কৰাৰ পিছত বিকল্প ব্যৱস্থা নোহোৱালৈকে পদত বৰ্তি থাকিবলৈ অনুৰোধ জনায়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *