৫০ হেজাৰ গ্ৰন্থপ্ৰেমীৰ সমাৱেশত অসম গ্ৰন্থমেলা, গুৱাহাটীত উছৱৰ লহৰ

খ্ৰীষ্টিয় নৱবৰ্ষৰ পহিলা দিনটোত লোকাৰণ্য হৈ পৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্ৰোতে সন্ধিয়ালৈ ৫০ হাজাৰৰ সীমা অতিক্ৰম কৰে ৷বছৰৰ প্ৰথম দিনটো গ্ৰন্থৰ সান্নিধ্যত উদ্‌যাপন কৰিবলৈ পুথিপ্ৰেমী বিদ্বৎ সমাজ , জ্ঞানান্বেষী শিক্ষাৰ্থী আৰু লেখক-সাহিত্যিকৰ এনে বিশাল সমাৱেশে চানমাৰি বাকৰিত উছৱৰ লহৰ সৃষ্টি কৰে ৷ বিপণীত হেঁপাহৰ গ্ৰন্থ ক্ৰয় কৰি নৱবৰ্ষ ২০২৩ক স্বাগত জনাই নিৰ্মল আনন্দ উপভোগ কৰে হেজাৰ হেজাৰ পঢ়ুৱৈয়ে৷ এই সময়ছোৱাত কিতাপ বিক্ৰীও আশাব্যঞ্জক বুলি সদৰী কৰিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে ৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা আজি ১ জানুৱাৰী পৰ্যন্ত ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে প্ৰকাশন পৰিষদে ৷ ইপিনে কালি বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰে “মই কিয় লিখোঁঃ স্ব-পৰিক্ৰমা” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ ৷ ইয়াত মুখ্য অতথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট গল্পকাৰ-ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে বিষয় সন্দৰ্ভত কয় যে সকলো লেখকে একে কাৰণতে নিলিখে ৷ সকলোৰে বেলেগ বেলেগ কাৰণ আছে ৷ তেওঁ দহ বছৰ বয়সৰ পৰাই লিখা বুলি উল্লেখ কৰি কয়—“ সমাজখন ঘটনা বহুল ৷ এনে বহু ঘটনা মানি ল’ব নোৱাৰো বা হজম কৰিব নোৱাৰোঁ ৷ তেতিয়া মনত অশান্তি আৰু অস্হিৰতাৰ সৃষ্টি হয় ৷ আনন্দ আৰু বিষাদৰ সময়তো অস্থিৰতা আৰু চটফটনিৰ সৃষ্টি হয় ৷ এনে অস্থিৰতাৰ পৰা মুক্তি পাবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছিলোঁ ৷ কিন্তু অস্থিৰতাৰ উপশম নঘটিল ৷ কলম হাতত তুলি ল’লেহে ইয়াৰ পৰা মুক্ত হ’ব পাৰো ৷ মই এইবাবেই লিখোঁ ৷ অৰ্থাৎ মানসিক অশান্তিৰ পৰা মুক্তি লাভ কৰাৰ ঔষধ হিচাপেই যোৱা ৬০ বছৰে অবিৰতভাৱে লিখি আহিছোঁ ৷ কিবা বিৰাট সামাজিক পৰিৱৰ্তনৰ লক্ষ্যৰে লিখাৰ সাধনা কৰা বুলিলে মই মিথ্যাচাৰ চলোৱা হ’ব ৷ মই সদায়ে বাস্তৱতাক গুৰুত্ব দি আহিছোঁ ৷ মই কেতিয়াও দাবী নকৰোঁ যে মোৰ দৃষ্টিভংগী সম্পূৰ্ণ শুদ্ধ বা মোৰ কথা সকলোৱে মানি চলিব লাগিব ৷” আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট কাহিনীকাৰ ডাঃ অপূৰ্ব কুমাৰ শইকীয়াই ৷ তেওঁ বক্তব্যত এইবুলি প্ৰকাশ কৰে—“ সাহিত্য কৰ্ম এক নিৰলস সাধনাৰ যাত্ৰা ৷ এয়া কঠিন যাত্ৰা ৷ তথাপি সাহিত্যিক সকলে কিয় এই যাত্ৰাত অৱতীৰ্ণ হয়, এয়া বৰ গুৰুত্বপূৰ্ণ বিষয় ৷ এই প্ৰশ্নৰ উত্তৰ প্ৰতিজন লেখকৰ বাবে বেলেগ হোৱাই স্বাভাৱিক ৷ ৰাজনৈতিক আদৰ্শ , নন্দনতাত্বিক উদ্বিগ্নতা , আত্মমগ্নতা আদি বিভিন্ন কাৰণত লিখা হয় ৷ আনকি নিজকে কেতিয়াবা লুকুৱাবলৈও লিখা হয় ৷ সাহিত্যই তাৎক্ষণিকভাৱে কোনো বিপ্লৱ আনিব বুলি ভাবিব নোৱাৰি ৷ সাহিত্যৰ যাত্ৰা একধৰণৰ বিবৰ্তন বুলি ক’ব পাৰি ৷”আন এগৰাকী আলোচক অতিথি , বিশিষ্ট গল্প কথক লীনা শৰ্মাৰ মতে–“ জৰ্জ অ’ৰৱেলৰ এখন কিতাপ আছে —why I write. এই বিষয়ে তেওঁ বিভিন্ন কাৰণ দৰ্শাইছে ৷ সেই অনুসৰি বহুতে অহংকাৰত লিখে , কিছুমানে মন ভাল লগাবলৈ লিখে , কিছুমানে বুৰঞ্জীৰ ভুল তথ্য শুধৰাবলৈ লিখে আদি ৷ মই কিন্তু দ্বিতীয়টো কৰণত অৰ্থাৎ মন ভাল লগাবলৈ লিখোঁ ৷তদুপৰি বিভিন্ন সময়ত আনে কৰা সুন্দৰ কাম কৰিব নোৱাৰি হীনমন্যতাত ভূগো ৷ ইয়াৰ পৰা মুক্তি লাভ কৰিবলৈও লিখিবলৈ লওঁ ৷বৰ আনন্দত থাকিলেও লিখিব নোৱাৰো ৷ মন বেয়া লাগিলে বা বিষাদেৰে ভাৰাক্ৰান্ত হ’লে মন ফৰকাল কৰিবলৈ মই লিখিবলৈ আৰম্ভ কৰোঁ ৷”
একেদৰে বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতীয়ে ইয়াত আলোচক অতিথিৰূপে উপস্থিত থাকি কয় যে লেখকসকল এটা শ্ৰেণী ৷ সকলো শ্ৰেণীৰে এটা বৈশিষ্ট্য থাকে ৷ লেখক শ্ৰেণীৰো তেনে একেধৰণৰ বৈশিষ্ট্য আছে ৷ গতিকে লিখাৰ কিছুমান কাৰণ একে ৷ কিন্তু প্ৰত্যেকে যিহেতু পৃথক মানুহ গতিকে লিখাৰ পৃথক কাৰণো নিশ্চয় আছে ৷ মোৰ নিজৰ মাজতে অহৰহ দ্বন্দ্ব থাকে ৷ যেন মোৰ লিখক সত্তা মোৰ পৰা বেলেগ ৷সেয়ে মই কিয় লিখোঁ বুলিলে দ্বিধাগ্ৰস্ত হওঁ ৷ তথাপি কব পাৰো যে মই মোৰ গাঁৱখনৰ প্ৰতি , গ্ৰাম্য জীৱনৰ প্ৰতি দায়ৱদ্ধ ৷ ইয়াৰ পৰাই মই মোৰ পৃথিৱীৰ সন্ধান কৰোঁ ৷ গতিকে লিখাৰ প্ৰক্ৰিয়া মোৰ বাবে সেৱা নাইবা প্ৰাৰ্থনা ৷” আন এগৰাকী বিশিষ্ট গল্পকাৰ জয়ন্ত মাধৱ বৰাই আলোচনা সত্ৰখনত আলোচক অতিথিৰূপে অংশ লয় ৷ তেওঁ কয়—“ লিখাৰ স’তে জীৱন অন্বেষণৰ কথা জৰিত হৈ থাকে ৷ লিখাটো মোৰ বাবে যোগ সাধনা সদৃশ ৷ শান্তি বিচাৰি মই লিখো ৷ মোৰ লিখাৰ এক উদ্দেশ্য আছে ৷ মোৰ লিখাৰ উদ্দেশ্যত ৰাজনৈতিক আদৰ্শও আছে ৷ তদুপৰি সম্পাদকৰ তাগিদাতো লিখা হয় কিন্তু উদ্দেশ্যৰ পৰা আঁতৰি নাহো ৷ মোক শৰীৰে অনুমতি দিয়ালৈ লিখি থাকিম ৷” ইয়াত আলোচক অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় গল্পকাৰ-ঔপন্যাসিক মনালিছা শইকীয়া ৷ তেওঁ বিষয় প্ৰসংগত এনেদৰে কয়—“ মই সদায়ে নিজকে এটি নিঃসহায় শিশুৰ ৰূপত পুনৰ আৱিষ্কাৰ কৰোঁ ৷ কিতাপ আৰু কলম নথাকিলে মই নিজকে আজিৰ এই ৰূপত নাপালোহেঁতেন ৷ আইৰ মুখত শুনা সাধুবোৰে মন বিষাদেৰে ভৰাই তুলিছিল ৷ তেজিমলা হ’বলৈ মন গৈছিল ৷ এনে বিষাদৰ পৰা মুক্তি বিচাৰি লিখিবলৈ লৈছিলোঁ ৷ নিজকে জীয়াই ৰাখিবলৈ হাতত কলম তুলি লৈছিলোঁ ৷ কাৰণ মই বৰ অন্তৰ্মুখী আছিলোঁ ৷ এসময়ত মৃত্যু চেতনাই কিয় খেদি ফুৰিছিল নাজানো ৷ ইয়াৰ পৰা হাত সাৰিবলৈ লিখিছিলোঁ ৷ এতিয়া অৱশ্যে জীয়াই থাকিবলৈ লিখা বুলিলে ভুল হ’ব ৷ এতিয়া মই সুখী হ’বলৈ লিখোঁ ৷ নিজৰ যন্ত্ৰণা অতিক্ৰম কৰি আনৰ যন্ত্ৰণা অনুভৱ কৰি লিখাৰ কছৰৎ কৰোঁ ৷ আত্মমগ্নতাৰ নিজকে উলিয়াই আনি লিখাৰ এক পৰিৱেশ দিছিল কটন কলেজে ৷ এতিয়া লিখাটো এক দায়িত্ব বুলি ভাবো ৷”।আলোচনা সত্ৰখন উদ্বোধন কৰে নলবাৰীৰ ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক জ্যোৎস্না আহমেদে ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আগ বঢ়ায় ৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *