ভাৰতৰ ৭৫ সংখ্যক আজাদী কা অমৃত মহোৎসৱ আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ ৪৬ সংখ্যক প্রতিষ্ঠা বার্ষিকী উপলক্ষে অহা ২৫, ২৬, ২৭ জুন, ২০২২ তাৰিখলৈ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত ৫০ জন চিত্রশিল্পীক লৈ ‘চিত্ৰ-কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাৰ আনুষ্ঠানিক মুকলি সভা ২৫ জুন বিয়লি ৪ বজাত গীল্ডৰ প্ৰাংগনত অনুষ্ঠিত কৰা হ’ব। উক্ত কর্মশালাখন আনুষ্ঠানিকভাৱে মকুলি কৰিব অসম তথা ভাৰতবৰ্ষৰ স্বনাধন্য চিত্রশিল্পী শ্ৰীযুত ননী বৰপূজাৰীদেৱে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ড°দেৱজিত খনিকৰ আৰু অসমৰ ৰাজ্যপালৰ সচিব শ্রীযুত এচ. এন. ভৌমিকদের। কর্মশালাখন দৈনিক দুপৰীয়া ২ বজাৰ পৰা বিয়লি ৮-৩০ বজালৈ চলি থাকিব। উক্ত কৰ্মশালাৰ শিল্পকৰ্মবোৰ অহা ১১ জুলাইত অৰ্থাৎ গীল্ডৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা গীল্ডৰ কলা বিথিকাত প্ৰদৰ্শিত কৰা হ’ব বুলি গীল্ডৰ সাধাৰণ সম্পাদক শ্ৰীকিশোৰ কুমাৰ দাসে জানিবলৈ দিয়ে। কৰ্মশালা চলি থকাৰ সময়ত দৈনিক শিল্পীসকলৰ কবিতা পাঠ, গানৰ অনুষ্ঠানও অনুষ্ঠিত কৰা হ’ব। ইয়াৰ উপৰিও ২৬ জন (দেওবাৰ), ২০২২ তাৰিখে ৰাতিপুৱা ৯-৩০ বজাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰয়াত তপন বৰদলৈৰ নামত চিত্রাংকন প্রতিযোগিতাও আয়োজন কৰা হ’ব। অসমৰ সকলো শিল্পৰাগী ৰাইজক শিল্পকৰ্মশালা চাবলৈ এই প্ৰেছ টোকাৰ জৰিয়তে আমন্ত্রণ জনোৱা হ’ল।