প্ৰথম খবৰে নাৰী সকলক প্ৰতিভা বিকাশ কৰিব পৰাকৈ প্ৰতিটো মূহুৰ্ততে উপযুক্ত মৰ্যাদা, পৰিৱেশ দি আহিছে। অসমৰ ১০০ গৰাকী মহিলাক উৎসাহিত কৰাৰ লক্ষ্যৰে দেওবাৰে দিছপুৰস্থিত গড়কাপ্তানি বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ প্ৰেক্ষাগৃহত প্ৰেৰণা এৱাৰ্ড ২০২২ অনুষ্ঠিত কৰা হয়। ডি ৱাই ৩৬৫ৰ পৰিচালন সঞ্চালক দিপান্বিতা জয়ছোৱালে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰা অনুষ্ঠানত মডেল প্ৰীতি দাসগুপ্তাৰ নেতৃত্বত এক ব্যতিক্ৰমী পৰম্পৰাগত ফেশ্বন শ্ব’ অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত প্ৰথম খবৰৰ মেনেজিং এডিটৰ কমল কুমাৰে সকলোকে সন্মোহিত কৰি কয় যে, সূক্ষ্ম, বিভেদহীন সমাজ গঢ়াৰ লক্ষ্যত উপনীত হ’বলৈ আজিৰ সমাজত পুৰুষতকৈ নাৰীৰ দায়িত্ব বেছি, সেয়ে আমাৰ এক প্ৰয়াস প্ৰেৰণা এৱাৰ্ড ২০২২।
প্ৰথম খবৰৰ মুখ্য উপদেষ্টা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ৰেক্টৰ ড° হৰিপ্ৰসাদ শৰ্মা, সঞ্চালক চাজিদ ৰহমান, উপদেষ্টা ড° কুমুদ দাস উপস্থিত থকা উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লেখিকা, অভিনেত্ৰী ড° আকাশীতৰা, লেখিকা মালবিকা চৌধুৰী, জ্যেষ্ঠ লেখিকা মণিকুন্তলা ভট্টাচাৰ্য, লেখিকা পুতুলী কায়স্থ, জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাস, সমাজ সেৱিকা জাহ্নৱী গোস্বামী, বোলছবি পৰিচালক প্ৰেৰণা বৰবৰুৱা আদি। আন্ত:ৰাষ্ট্ৰীয় নৃত্যশিল্পী জ্বলিমনি শইকীয়াৰ দ্বাৰা পৰিচালিত সংস্কৃতি সংগীত নৃত্য বিদ্যালয়ৰ ছাত্ৰীসকলে মনোৰম নৃত্যানুষ্ঠান পৰিৱেশন লগতে অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী জুৰি শৰ্মা আৰু কন্ঠশিল্পী মিছ ৰিয়াই গীত পৰিৱেশন কৰা উক্ত অনুষ্ঠানটিত নিজ কৰ্ম সাধনাৰে সমাজত প্ৰভূত: বৰঙণি আগবঢ়োৱা অসমৰ ১০০ গৰাকী মহিলালৈ আগবঢ়োৱা হয় প্ৰেৰণা এৱাৰ্ড ২০২২। ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গ, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, বৰষা ৰাণী বিষয়া, কন্ঠশিল্পী তৰালী শৰ্মা, সাংবাদিক ড° গীতালি শইকীয়া, সংঘামিতা শৰ্মা বৰুৱা, কৰৱী বৰশইকীয়া, কন্ঠশিল্পী মণীষা বৰদলৈ, PURABI’S CREATIONS AND COLLECTIONSৰ সঞ্চালক পুৰৱী শইকীয়া মহন্ত, অধিবক্তা জয়শ্ৰী ৰাজবংশী, PROFESSOR AND HOD DEPARTMENT OF HEAD AND NECK ONCOSURGERY DR B BOROOAH CANCER INSTITUTE GUWAHATI ডা° তছনিন ৰহমান, ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্যাথলজি সহকাৰী অধ্যাপিকা ড° গীতালি দেৱী, সমাজ সেৱিকা শ্ববানা আমিৰ ৰহমান, সমাজ সেৱিকা মঞ্জু ৰাণী চুইত, সমাজ সেৱিকা নিজুমণি শইকীয়া বৰা, সমাজ সেৱিকা প্ৰিয়ংকা ফুকন, বিশিষ্ট লেখিকা মেঘালী হাজৰিকা কাকতি, ৰূপসজ্জা শিল্পী শতাব্দী দেব, কণ্ঠশিল্পী ৰিতুপৰ্ণ গগৈ, অধিবক্তা উমি ডেকা বৰুৱা, লেখিকা চুলতানা চেলিমা আহমেদ, লেখিকা আইলুং লাহন বৰা, সাংবাদিক দীপশিখা বৰুৱা, লেখিকা ৰীতামণি বৰদলৈ, অধিবক্তা আৰু লেখিকা কংকণা গোস্বামী ভৰদ্বাজ, লেখিকা ইলোৰা শৰ্মা দত্ত, সমাজকৰ্মী ৰশ্মি ৰেখা শৰ্মা, ইউনিটি ৱি দ্যা ব্লাড ডোনাৰ্চ গুৱাহাটী শাখা, অধিবক্তা আৰু সমাজকৰ্মী কৰৱীজ্যোতি শইকীয়া, মডেল অন্টুমণি কলিতা, উদ্যোগী মহিলা ৰীণা বসুমতাৰী, মডেল অৰুণিমা সৰকাৰ, সমাজ সেৱিকা ৰূপা নেওগ, কৃতি শিক্ষয়িত্ৰী গুণ দুৱৰা, লেখিকা ৰাস্না পালক, লেখিকা পুষ্পাঞ্জলি শিৱম শৰ্মা, লেখিকা ড° অনিমা বৰা, সাহিত্যিক পেঞ্চনাৰ মামণি ডেকা, শিক্ষয়িত্ৰী নমিতা বৰা, লেখিকা হিৰণ্যময়ী বৰুৱা, সমাজ সেৱিকা চুলতানা লাইলা অঞ্জুম, সমাজ সেৱিকা পাৰুল চহৰীয়া, সমাজ সেৱিকা সোমা দে হাজৰিকা, উপন্যাসিক ৰুণা লাইলা, শিক্ষয়িত্ৰী নাছৰিন চুলতানা, শিক্ষয়িত্ৰী ছান চুলতানা, শিক্ষয়িত্ৰী সুমনা পুৰকায়স্থ, শিক্ষয়িত্ৰী ছাহিন শ্বৰিফ, শিক্ষয়িত্ৰী পূজা প্ৰসাদ, শিক্ষয়িত্ৰী ৰূপা ৰাণী গোহাঁই, শিক্ষয়িত্ৰী অম্বিয়া বেগম, শিক্ষয়িত্ৰী শৰ্মিষ্ঠা তামুলী, শিক্ষয়িত্ৰী চাজিদা আহমেদ, উপাধ্যক্ষ এলফি আহমেদ, শিক্ষয়িত্ৰী পলি ভূঞা, অভিনেত্ৰী জেৰিণা বৰুৱা, উদ্যমী মহিলা আৰু লেখিকা লক্ষিমী শইকীয়া বৰা, সমাজ সেৱিকা ৰেণু দেৱী, শিক্ষয়িত্ৰী তুলিকা শৰ্মা, শিক্ষয়িত্ৰী মৌচুমী শৰ্মা, অধিবক্তা আৰু সহকাৰী অধ্যাপিকা, জে বি আইন মহাবিদ্যালয় কৃষ্ণা শৰ্মা, সমাজ সেৱিকা হাস্না বেগম, লেখিকা গাৰ্গী ভূঞা, সমাজ সেৱিকা দীপা হাজৰিকা, সমাজ সেৱিকা আৰু লেখিকা মানসী আদিল, মাইবাং স্নাতক মহাবিদ্যালয় ডিমা হাচাওৰ সহকাৰী অধ্যাপিকা মৰমী মাইবাংচা, মডেল আৰু সমাজ সেৱিকা ৰ’জি ৰহমান, ৰূপসজ্জা শিল্পী নাজনিন চুলতানা আহমেদ, ৰূপসজ্জা শিল্পী ৰিমি গুপ্তা, ৰূপসজ্জা শিল্পী চন্দনা মেধি কলিতা, লেখিকা চুমি ৰহমান, লেখিকা আৰু সমাজ সেৱিকা নিবেদিতা দাস লাহন, জ্যেষ্ঠ লেখিকা ড° মৰমী বৰঠাকুৰ তালুকদাৰ, লেখিকা আৰু সমাজ সেৱিকা বন্তিৰীমা ফুকন শইকীয়া, ৰূপসজ্জা শিল্পী জেছমিন চুলতানা (আচমিয়া), লেখিকা, সমাজ সেৱিকা নয়না কাশ্যপ (মাইনু), লেখিকা, সমাজ সেৱিকা উষা দেৱী, শিক্ষাবিদ, ক্ৰীড়া সংগঠক অনুসুয়া বৰুৱা, MS, DNB, FRCSED, FRCS(GLASG), FAICO ডা৹ কস্তুৰী ভট্টাচাৰ্য, অধিবক্তা, সমাজ সেৱিকা গীতাঞ্জলি কলিতা, সমাজ সেৱিকা বিথীকা বৰুৱা, সমাজ সেৱিকা মঞ্জুল দেৱীলৈ আগবঢ়োৱা হয় প্ৰেৰণা এৱাৰ্ড ২০২২। সাংবাদিক ডিম্পী ভৰালীয়ে সভাৰ আৰম্ভণি কৰা আৰু ময়ুৰী দত্তই আঁত ধৰা উক্ত অনুষ্ঠানত সংবাদকৰ্মী দীপশিখা বৰুৱাৰ গ্ৰন্থ ‘প্ৰত্যাহ্বান যেতিয়া অনুপ্ৰেৰণা’ গ্ৰন্থখন বিশিষ্ট অতিথি সকলৰ হাতেৰে উন্মোচন কৰা হয়।