১৫ আগষ্টত ৰাজ্যিকভিত্তিত ৰশ্মিতা গুপ্ত স্মাৰক তৰ্ক প্ৰতিযোগিতা

পাণ্ডুৰ জনপ্ৰিয় সামাজিক-সাংস্কৃতিক সংগঠন জনমতৰ উদ্যোগত ৰশ্মিতা গুপ্ত স্মাৰক চতুৰ্থ বাৰ্ষিক “সদৌ অসম তৰ্ক প্ৰতিযোগিতা”অহা ১৫ আগষ্ট তাৰিখে স্বাধীনতাৰ পঁয়সত্তৰ বছৰ উদযাপনৰ অংশ হিচাপে আয়োজন কৰা হৈছে।পাণ্ডুৰ বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনৰ ১০-৩০বজাত অনুষ্ঠিত হব লগা ৰাজ্যভিত্তিক এই তৰ্ক প্ৰতিযোগিতাৰ বিষয় হৈছে সদনৰ মতে”বৰ্তমান সময়ত বাক্ স্বাধীনতা আৰু অভিব্যক্তিৰ ওপৰত ভাবুকি আহিছে।”দশম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি থকা এই প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে আয়োজকসকলে আহ্বান জনাইছে। শ্ৰেষ্ঠ দল,শ্ৰেষ্ঠ তাৰ্কিক,২য় আৰু ৩য় শ্ৰেষ্ঠ তাৰ্কিক,উদীয়মান তাৰ্কিক, সম্ভাৱনাময় তাৰ্কিক,আদিৰ বাবে আকৰ্ষণীয় আৰ্থিক পুৰস্কাৰৰ উপৰিও স্মাৰক আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হব বুলি উদ্যোগক্তাসকলে জনাইছে।প্ৰতিযোগিতাত ভাগ লবলৈ ইচ্ছুক ছাত্ৰ ছাত্ৰী সকলে পক্ষে আৰু বিপক্ষে এজনকৈ প্ৰতিযোগী সহ দলগত ভাবে অংশ গ্ৰহণৰ উপৰি ব্যক্তিগত ভাবেও ভাগ লব পাৰিব।প্ৰতিযোগিসকলে ইংৰাজী, অসমীয়া, বাংলা,নাইবা হিন্দী ভাষাত বক্তব্য উত্থাপন কৰিব পাৰিব।ইচ্ছুক প্ৰতিযোগিসকলে৯৪৩৫১১০৩৫২,৯৪৩৫৩৪৬৯৬৫,৯৩৬৫২২২৬০৮,নাইবা ৯৮৬৪০৮৯১২০নম্বৰত যোগাযোগ কৰিব পাৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *