১৩ – ১৬ জুলাইলৈ আয়োজন কৰা হৈছে তৃতীয় জি-২০ শ্বেৰ্পা বৈঠকৰ

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত কৰ্ণাটকৰ ঐতিহাসিক চহৰ হাম্পিত ১৩ – ১৬ জুলাইলৈ আয়োজন কৰা হৈছে তৃতীয় জি-২০ শ্বেৰ্পাৰ বৈঠকৰ। ভাৰতৰ জি-২০ শ্বেৰ্পা অমিতাভ কান্তৰ সভাপতিত্বত অনুষ্ঠিত হৈছে এই বৈঠক। প্ৰতিখন দেশৰ নিজ নিজ শ্বেৰ্পা আৰু জি-২০ সদস্য, আমন্ত্ৰণিত দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰতিনিধি দলৰ মূৰব্বীসকলৰ নেতৃত্বত ১২০ জনতকৈও অধিক প্ৰতিনিধিয়ে এই ৪ দিনীয়া বৈঠকত অংশগ্ৰহণ কৰিছে। এই বৈঠকৰ সময়ত দিল্লী সন্মিলনত জি-২০ দেশৰ নেতাসকলে গ্ৰহণ কৰিব লগীয়া লিডাৰ্ছ ঘোষণাপত্ৰৰ সহ-লিখনিৰ কামত জড়িত কৰাৰ লগতে এই বিষয়ে বিশদভাৱে আলোচনা কৰা হ’ব।

এই শ্বেৰ্পা বৈঠকত সেউজ উন্নয়ন, জলবায়ু বিত্ত, পৰিৱেশৰ বাবে জীৱনশৈলী, দ্ৰুত, সামগ্ৰিক আৰু স্থিতিস্থাপক বৃদ্ধি তথা একবিংশ শতিকাৰ বাবে বহনক্ষম উন্নয়ন লক্ষ্য, প্ৰযুক্তিগত পৰিৱৰ্তন আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, উন্নয়নৰ বাবে বহুপাক্ষিক প্ৰতিষ্ঠান আৰু ‘মহিলা নেতৃত্বাধীন উন্নয়ন’ৰ দৰে বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব।

বৈঠকৰ সময়ত বিজয়া ভিট্টলা মন্দিৰ, য়েদুৰু বাসৱান্না কমপ্লেক্স, বীৰুপাক্ষ মন্দিৰ আৰু বিশাল ঐতিহ্য সংৰক্ষণ কৰা হাম্পি সংগ্ৰহালয় দৰ্শনৰো ব্যৱস্থা কৰা হৈছে। বিভিন্ন দেশৰ প্ৰতিনিধিসকলে এই ভ্ৰমণৰ জৰিয়তে হাম্পিৰ বিবিধ প্ৰাচীন ভাৰতীয় সভ্যতা আৰু বৈচিত্ৰ্যময় সংস্কৃতিৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ লাভ কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *