হোণ্ডাই মেঘালয়ৰ উমডেনত আৰম্ভ কৰিছে পথ সুৰক্ষা অভিযান

সমগ্ৰ ভাৰতত নিৰাপদ বাইক চালনা অভ্যাসৰ সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত পুনৰ গুৰুত্ব আৰোপ কৰি হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই মেঘালয়ৰ উমডেনত আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা সজাগতা অভিযান। হোণ্ডাই বিশ্বজুৰি পথ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়ে, ইয়াৰ অংশ ৰূপে উমডেনৰ ছেইণ্ট জোচেফ এইচ.এছ. স্কুলত সুৰক্ষিত ৰাইডিং পদ্ধতিৰ প্ৰচাৰ কৰে। প্ৰায় ১,৮০০ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ মাজত সজাগতা বৃদ্ধিৰ বাবে প্ৰশিক্ষকসকলে বিভিন্ন বয়স অনুসৰি শিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছিল।

এই এইচএমএছআইৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা সজাগতা কাৰ্যসূচীয়ে পথৰ চিহ্ন, বাইক চালকৰ কৰ্তব্য, ৰাইডিং গিয়েৰ, ভংগীমা আৰু সুৰক্ষিত ৰাইডিং শিষ্টাচাৰ প্ৰদান কৰা দক্ষ প্ৰশিক্ষকৰ সৈতে বৈজ্ঞানিকভাৱে প্ৰস্তুত কৰা শিক্ষণ মডিউল প্ৰদান কৰে। এক ভাৰ্চুৱেল ৰাইডিং চিমুলেটৰে ১০০তকৈও অধিক সম্ভাৱ্য বিপদৰ অনুকৰণ কৰে। আনহাতে কিকেনয়োছ’কু ট্ৰেইনিং (কে ৱাই টি)-এ বিপদৰ প্ৰতি চালকৰ সংবেদনশীলতা বৃদ্ধি কৰে। বৰ্তমানৰ বিদ্যমান চালকসকলে লাহে লাহে বা  ধীৰ চালনা ৰাইডিং কাৰ্যকলাপ আৰু ঠেক প্লেংকৰ জৰিয়তে নিজৰ দক্ষতাৰ অনুশীলন কৰে।

হোণ্ডাই দৈনিক পথ সুৰক্ষাৰ খেল আৰু কুইজৰ দৰে শিক্ষামূলক কাৰ্যসূচী অনুষ্ঠিত কৰি যুৱ শিক্ষাৰ্থীসকলক পথ সুৰক্ষাৰ বিষয়ে সজাগ কৰে। সংঘৰ্ষ বা দুৰ্ঘটনামুক্ত ভাৰত গঢ়াৰ দিশত এইচএমএছআইৰ দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰি হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াৰ এইচ আৰ, এডমিন, আই টি আৰু কৰ্পৰেট পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ সঞ্চালক বিনয় ধিংৰাই কয় যে, “এই অভিযানৰ জৰিয়তে আমি পথ সুৰক্ষাৰ সঠিক অভ্যাস গঢ়ি তোলাৰ লগতে নতুন আৰু আগন্তুক ৰাইডাৰসকলৰ মাজত পথসমূহ নিৰাপদে ব্যৱহাৰ কৰাৰ গুৰুত্ব বুজিবলৈ সহায় কৰাৰ লক্ষ্য ৰাখিছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *