হাম্পিত চাৰিদিনীয়া চিডব্লিউজি বৈঠকৰ সমাপ্তি

কৰ্ণাটকৰ ঐতিহ্যমণ্ডিত হাম্পিত তৃতীয়খন সংস্কৃতি কৰ্মগোটৰ বৈঠক অনুষ্ঠিত হয়। ২০২৩ চনৰ ১২ জুলাইত পট্টাবিৰাম মন্দিৰত যোগাসনৰ জৰিয়তে এই অধিৱেশনৰ সামৰণি পৰে। সদস্য দেশ, অতিথি দেশ আৰু সাতটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই অংশগ্ৰহণ কৰিছিল এই বৈঠকত। এই বৈঠকৰ লক্ষ্য আছিল সাংস্কৃতিক মন্ত্ৰী পৰ্যায়ৰ ঘোষণাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত একমতত উপনীত হোৱা আৰু চি ডব্লিউ জিয়ে চিনাক্ত কৰা চাৰিটা অগ্ৰাধিকাৰ ক্ষেত্ৰৰ চাৰিওদিশত সৰ্বশ্ৰেষ্ঠ পদ্ধতিসমূহ অৱলম্বন কৰা। ইয়াৰ লগতে বাৰাণসীত অনুষ্ঠিত হোৱা সাংস্কৃতিক মন্ত্ৰীৰ বৈঠকৰ বাবে যৌথ বিবৃতি প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল।

তিনিখন বৈঠকৰ জৰিয়তে দৃঢ় ফলাফল প্ৰদৰ্শন কৰি এক শক্তিশালী ঘোষণা বা ফলাফল আশা কৰা হৈছে। বৈঠকৰ সময়ত গোলকীয় বিষয়ভিত্তিক ৱেবিনাৰৰ ওপৰত এক প্ৰতিবেদন প্ৰকাশ কৰা হয়। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে দীঘলীয়া সামগ্ৰী(লং অবজেক্ট)ৰ এক সৰ্ববৃহৎ প্ৰদৰ্শনী উদ্বোধন কৰিছিল, গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অভিলেখ গঢ়ি ‘সংস্কৃতিয়ে সকলোকে একত্ৰিত কৰে’ শীৰ্ষক লম্বনী এম্ব্ৰইডাৰীৰ ওপৰত বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল।

উল্লেখযোগ্য যে, লম্বনী সম্প্ৰদায়ৰ ৪৫০গৰাকীতকৈও অধিক মহিলা শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানত একেলগে প্ৰায় ১,৩০০টা লম্বনী এম্ব্ৰয়ডাৰী পেচৱৰ্ক বা কলা প্ৰদৰ্শিত কৰা হৈছিল। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰিছে। জি-২০ৰ প্ৰতিনিধিসকলে বেম্বো চিম্ফনী বেণ্ডৰ সৈতে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছেল। আনকি ভিট্টাল মন্দিৰ, ৰয়েল এনক্ল’জাৰ আৰু য়েদুৰু বাসভানা কমপ্লেক্সৰ দৰে ঐতিহ্যমণ্ডিত ক্ষেত্ৰ তথা অঞ্চলসমূহো পৰিদৰ্শন কৰিছিল।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *