পশ্চিম বংগৰ হাওৰা জিলাত মঙলবাৰে পুৱা এখন চৰকাৰী বাছ আৰু এখন গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষত তিনিজন লোক নিহত হোৱাৰ লগতে আন ৯ জন আহত হয়।
বাগনান আৰক্ষী থানা এলেকাৰ ঈশ্বৰীপুৰৰ ১৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।
দুৰ্ঘটনাটোৰ প্ৰভাৱ এনেকুৱা আছিল যে গাড়ীখনৰ বনেটকে ধৰি সন্মুখৰ অংশটো ধাতুৰ থোপালৈ পৰিণত হৈছিল। গাড়ীৰ কিছু অংশ গেছ কাটাৰেৰে টুকুৰা টুকুৰ কৰি মৃতদেহবোৰ উলিয়াই আনিবলগীয়া হৈছিল।
মৃত লোক কেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
বাছখনৰ ৯ জন যাত্ৰী আহত হয়, আৰু ইয়াৰে পাঁচজন লোকক বাগনান চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে বাকীসকলক প্ৰাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হয়।