সৰ্ববৃহৎ অন-গ্ৰাউণ্ড হিপ-হপ ডান্স এক্টিভিটিৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম লিপিবদ্ধ কৰিলে আমাজন মিনিটিভিয়ে

আমাজন মিনিটিভিয়ে নৃত্য ৰিয়েলিটি শ্ব’ ‘হিপ হপ ইণ্ডিয়া’ৰ প্ৰিমিয়াৰৰ সময়ত সৰ্ববৃহৎ অন গ্ৰাউণ্ড হিপ-হপ ডান্স এক্টিভিটিৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে। অভিলেখ সৃষ্টিকাৰী অনুষ্ঠানত একেলগে মুঠ ১,৮৭০গৰাকী নৃত্যশিল্পীয়ে ৫ মিনিটতকৈ অধিক সময় ধৰি অনুষ্ঠান পৰিৱেশন কৰিছিল মুম্বাইৰ ফিল্মচিটিত । বিশেষ অংশীদাৰ দ্য কালচাৰ আৰু সুৰেশ মুকুণ্ডৰ পৰিচালনাত নৃত্যৰ দল কিংছ ইউনাইটেডৰ শিল্পীসকলে এই নৃত্যানুষ্ঠান পৰিৱেশন কৰিছিল। এই অনুষ্ঠানত বিচাৰক ৰেমো ডিচুজা আৰু নুৰা ফাতেহী, আমাজনৰ এডভাৰ্টাইজিং হেড গিৰীশ প্ৰভু আৰু নিছান মটৰ্ছ ইণ্ডিয়াৰ মাৰ্কেটিং হেড ৰাজেশ শ্ৰীবাস্তৱো উপস্থিত থাকে।

গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ অফিচিয়েল বিচাৰকসকলে এই অভিলেখ ভংগকাৰী মুহূৰ্তটো ঘোষণাৰ লগে লগে ষ্টেডিয়ামত হাতচাপৰিৰ জোৱাৰ উঠিছিল।উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৪ চনত আমেৰিকাৰ আলাবামাত একেলগে ১,৬৫৮ গৰাকী নৃত্যশিল্পীয়ে নৃত্যানুষ্ঠানৰে সৰ্বাধিক হিপ-হপ প্ৰদৰ্শনৰ অভিলেখ গঢ়িছিল।

আমাজন মিনিটিভিত ‘হিপ হপ ইণ্ডিয়া’ মুকলি কৰাৰ লগে লগে এই গ্লবেল ৰেকৰ্ড স্থাপনে ভাৰতত হিপ-হপ সংস্কৃতিৰ বিনামূলীয়া উদযাপনক নতুন মাত্ৰা দিছে। অভিনেত্ৰী তথা হিপ হপ ইণ্ডিয়াৰ অন্যতম বিচাৰক নুৰা ফাতেহীয়ে এইবিষয়ে কয় যে, “সৰ্ববৃহৎ হিপ-হপ প্ৰদৰ্শনৰ বাবে বিশ্ব অভিলেখ গঢ়ি ভাৰতৰ সকলো ষ্ট্ৰীট ডান্সাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰিলে, এইসকল শিল্পীক সীমাৰ পৰিধি ভাঙি আগুৱাই আহিবলৈ উৎসাহিত কৰিব। মই এই আইকনিক অনুষ্ঠান আৰু হিপ-হপ ইণ্ডিয়াৰ অংশ হ’বলৈ পাই সন্মানিতবোধ কৰিছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *