আজি বিশ্ব থিয়েটাৰ দিৱস। বিশ্ব থিয়েটাৰ দিৱস হৈছে ২৭ মাৰ্চত উদযাপন কৰা এক আন্তৰ্জাতিক উৎসৱ পালন। ১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠান আইটিআইৰ দ্বাৰা বিশ্ব থিয়েটাৰ দিৱস আৰম্ভ কৰা হৈছিল।আইটিআই কেন্দ্ৰ আৰু আন্তৰ্জাতিক থিয়েটাৰ সম্প্ৰদায়ৰ দ্বাৰা ২৭ মাৰ্চত বাৰ্ষিক ভাৱে উদযাপন কৰে। এই উপলক্ষে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ অনুষ্ঠানে আয়োজন কৰি আহিছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে বিশ্ব থিয়েটাৰ দিৱসৰ বাৰ্তাৰ প্ৰচলন যাৰ জৰিয়তে আইটিআইৰ আমন্ত্ৰণত, বিশ্বৰ মৰ্যাদাৰ এক ব্যক্তিয়ে থিয়েটাৰ আৰু শান্তিৰ সংস্কৃতিৰ বিষয়বস্তুৰ ওপৰত প্ৰতিফলন ভাগ বতৰা কৰা।
এইবাৰ বিশ্ব থিয়েটাৰ দিৱস ২০২২ ৰ মুখ্য লক্ষ্য হৈছে থিয়েটাৰক সকলো ধৰণৰ প্ৰচাৰ কৰা, থিয়েটাৰ মূল্যৰ বিষয়ে লোকসকলক সজাগ কৰা, থিয়েটাৰ সম্প্ৰদায়বোৰক বৃহৎ পৰিমাণে তেওঁলোকৰ কামৰ প্ৰচাৰ কৰিবলৈ সক্ষম কৰা, সকলো ধৰণৰ থিয়েটাৰ উপভোগ কৰা, আৰু ছবিগৃহৰ আনন্দ আনৰ সৈতে ভাগ বতৰা কৰা।
আজি সুৰজিৎ একাডেমীত একাডেমীৰ প্ৰাংগনত বিশ্ব থিয়েটাৰ দিৱস পালন কৰে। উক্ত কাৰ্য্যক্ৰমত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ছিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত তথা শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যাপক সীমান্ত শৰ্মাই বিশ্ব থিয়েটাৰ দিৱসৰ বিষয়ে আলোকপাত দাঙি ধৰে । একাডেমীয়ে যোৱা ২৫ বছৰে অভিনয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে। থিয়েটাৰ মাধ্যম শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা আছে। অসমৰ নাট্যকলা বিশ্বৰ দৰবাৰত মুখ্য স্থান গ্ৰহণ কৰি আহিছে। লগতে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত তথা ভাৰত চৰকাৰৰ এন চি আৰ টি আৰু চি চি আৰ টি, অসম চৰকাৰৰ এছ চি আৰ টি ৰ সমল ব্যক্তি বিনীতা দেৱীয়ে কাৰ্য্যক্ৰমত বিশ্বৰ থিয়েটাৰ কৰা সকলো শিল্পীক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাই আৰু বিশ্ব থিয়েটাৰ দিৱসৰ ওপৰত বক্তব্য দাঙি ধৰে । বিশ্ব থিয়েটাৰ দিৱসত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা জলপানি প্ৰাপ্ত আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ পৰা যুৱ শিল্পী বঁটা প্ৰাপ্ত ধ্ৰুৱ জ্যোতি কলিতা, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা জলপানি প্ৰাপ্ত হৃদয় জ্যোতি দাস, হাৰ্দিক শৰ্মা, কৃষ্টি দাস, নিহৰীকা দাস, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা জলপানি প্ৰাপ্ত গিতিমা দাস, হিমাক্ষী দাস আৰু মনোমতী বড়োৱে অভিনয় পৰিবেশন কৰে । অনুষ্ঠানত শিক্ষাবিদ, বিভিন্ন মহাবিদ্যালয়-বিশ্ববিদ্যালৰ পৰা অহা শিক্ষাৰ্থী তথা জালুকবাৰীৰ সমীপৰ বিভিন্ন অঞ্চলৰ সাংস্কৃতিক প্ৰেমীয়ে বিশ্ব থিয়েটাৰ দিৱস কাৰ্য্যসূচীৰ সাংস্কৃতিক কাৰ্য্যক্ৰম উপভোগ কৰি আপ্লুত হৈ পৰে ।