১৪ বছৰৰ তলৰ কিশোৰীক বিয়া কৰালে যাৱজ্জীৱন কাৰাদণ্ড হ’ব অসমত।
বাল্য বিবাহ আৰু যৌন অপৰাধ নিয়ন্ত্ৰণৰ স্বাৰ্থত এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।
সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ১৪ বছৰৰ তলৰ কিশোৰীক বিয়া কৰালে পক্স’ এক্টৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড বিহা হ’ব।
তেওঁ লগতে কয় যে আৰক্ষীক বাল্য বিবাহৰ বিৰুদ্ধে দমন চলাবলৈ কোৱা হৈছে।
শৰ্মাই লগতে কয় যে প্ৰতিখন গাঁৱতে এজন শিশু সুৰক্ষা বিষয়া নিযুক্তি দিয়া হ’ব।