সাধাৰণ লোকৰ অংশগ্ৰহণক উৎসাহিত কৰিবলৈ জন ভাগীদাৰী অনুষ্ঠানৰ আয়োজন MSDEৰ

২০২৩ চনৰ ২০-২১ জুনলৈ পুনে চহৰত অনুষ্ঠিত হ’ব পৰৱৰ্তী চতুৰ্থ G20 শিক্ষা কৰ্মগোটৰ বৈঠক। এই বৈঠকৰ প্ৰাকক্ষণত MSDE-এ আজি সমগ্ৰ দেশতে জন ভাগীদাৰী প্ৰচেষ্টাসমূহ ৱেবিনাৰৰ জৰিয়তে আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।  এই ৱেবিনাৰ সকলো দক্ষতা বিকাশ প্ৰতিষ্ঠান আৰু কেন্দ্ৰত ১-১৫ জুনৰ ভিতৰত অনুষ্ঠিত হ’ব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “জন ভাগীদাৰী”ক ‘জন আন্দোলন’লৈ ৰূপান্তৰ কৰি ভাৰতৰ জি-২০ সভাপতিত্বৰ এক শক্তিশালী উপাদান হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ লোৱা হৈছে।

এই সন্মিলনখনে দক্ষতাৰ বাবে ভাৰতক বিশ্বৰ কেন্দ্ৰ হিচাপে স্থান লাভত সুযোগ প্ৰদান কৰিব। লগতে দক্ষতাৰ অভাৱ আৰু অপূৰণীয় চাহিদাৰ সৈতে যুঁজি থকা আন দেশসমূহৰ বাবে শ্ৰম বা শ্ৰমিক প্ৰদানকাৰী হিচাপে স্থান দিয়াৰ সুবৰ্ণ সুযোগ প্ৰদান কৰে। এই সন্মিলনখনত কেৰিয়াৰ কাউন্সেলিং ছেচন, বিশেষজ্ঞৰ বক্তৃতানুষ্ঠান, এপ্ৰেণ্টিছশ্বিপ সজাগতা কৰ্মশালা, স্কিল হেকাথন, ৰচনা আৰু কুইজ প্ৰতিযোগিতা অধিৱেশন অনুষ্ঠিত হ’ব। আনহাতে দক্ষতা প্ৰদৰ্শন প্ৰতিযোগিতা, দক্ষতা অলিম্পিয়াড, ৱেবিনাৰ শৃংখলা, প্ৰশিক্ষকৰ বাবে প্ৰশিক্ষণ, ডিজিটেল পাঠ্যক্ৰম, দক্ষতাকেন্দ্ৰিক মাষ্টাৰক্লাছ, সেউজ অৰ্থনীতি আৰু কৰ্মক্ষেত্ৰৰ জীৱনজোৰা শিক্ষাৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে কেৰিয়াৰ পৰামৰ্শ অধিৱেশন অনুষ্ঠিত হ’ব।

ৱেবিনাৰ সম্বোধন কৰি দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰণালয়ৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে কয়, “আমি নিশ্চিত যে জন ভাগীদাৰী অনুষ্ঠানৰ জৰিয়তে দক্ষতা পৰিস্থিতি তন্ত্ৰৰ মাজত চাকৰি প্ৰত্যাশী হোৱাৰ পৰিৱৰ্তে চাকৰি সৃষ্টিকাৰী হোৱাৰ মানসিকতাক প্ৰসাৰ-প্ৰচাৰ কৰিম৷”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *