সমন্বয় কবি “কাব্যপ্ৰৱৰ কৰুণা কান্ত বৰ্মনদেৱৰ ১আগষ্ট তাৰিখে ওপজা দিন উপলক্ষে কবি গৰাকীলৈ শ্ৰদ্ধা জনাই ৩১ জুলাই দেওবাৰে তেখেতৰ বাসগৃহ কৱিতালয়“ ত সূৰুযমুখী কৱিচক্ৰ ৰ সৌজন্যত “কৱিতাৰে এদিন ’ নামাকৰণেৰে এক কবিতা পাঠৰ এটি সুন্দৰ অনুষ্ঠান আয়োজন কৰা হয় ৷ প্ৰয়াত বৰ্মনদেৱৰ পত্নী প্ৰতিমা মুদৈ বৰ্মনে তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি বন্তি এগচি জ্বলাই শুভ আৰম্ভ কৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে সূৰুযমুখী কৱিচক্ৰৰ সভাপতি দিলীপ কুমাৰ ডেকাই আৰু অনুষ্ঠানটি সঞ্চালন কৰে কাৰ্যকৰী সভাপতি জ্যোতিৰ্ময় শৰ্মাই ৷ উক্ত অনুষ্ঠানতে “সমন্বয়ৰ কবি কাব্যপ্ৰৱৰ কৰুণা কান্ত বৰ্মন সোঁৱৰণী“ বঁটা কবিতা প্ৰতিযোগিতাত পুৰস্কাৰ প্ৰাপ্ত কবিসকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ উল্লেখযোগ্য যে এইবাৰৰ কবিতা প্ৰতিযোগিতাত ১ম স্থান লাভ কৰে সঞ্জীতা কলিতাই ,২য় স্থান লাভ কৰে মনিকা শৰ্মা আৰু ৩য় স্থান লাভ কৰে জুমী চিৰিং পেগুৱে ৷আনহাতে “পৰিচালকৰ বিশেষ বঁটা“ লাভ কৰা দুগৰাকী প্ৰতিযোগী হৈছে ধনজিতা দাস আৰু নাজলীন আলম ৷উক্ত সভাত অসম কবি সন্মিলনৰ মুখ্য সম্পাদক নীল কমল বৰা ,যুতীয়া সম্পাদকদ্বয় ৰুমা ভট্টাচাৰ্য আৰু মনোজ দাসৰ উপৰিওকেইবগৰাকীও খ্যাতিযশা কবিয়ে কবিতা পাঠ কৰি শ্ৰদ্ধাৰ প্ৰয়াত কৰুণাকান্ত বৰ্মনদেৱৰ ওপজা দিনটো সজীৱ কৰি তোলে ৷
“সমন্বয় কবি“ কাব্যপ্ৰৱৰ কৰুণা কান্ত বৰ্মনক স্মৰণ সূৰুযমুখী কৱিচক্ৰৰ
