শ্বপচিয়ে ইউনিট, গ্ৰাহক আৰু বিক্ৰীৰ ক্ষেত্ৰত লাভ কৰিছে ৩ গুণ বৃদ্ধি, ১৭৫ মিলিয়ন ডাউনলোড হৈছে শ্বপচি এপ

দেশত দ্ৰুতগতিত বৃদ্ধি পোৱা ই-কমাৰ্চ প্লেটফৰ্ম শ্বপচিয়ে এবছৰত ইউনিট, গ্ৰাহক আৰু বিক্ৰেতাৰ ক্ষেত্ৰত ৩গুণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে, এটা বছৰতে প্ৰায় ১৭৫ মিলিয়নতকৈ অধিক এপ ডাউনলোড হৈছে। শ্বপচিয়ে কাছাৰ, গাজীপুৰ, হামিৰপুৰ, প্ৰতাপগড় আৰু উনাকে ধৰি টায়াৰ-২ আৰু টায়াৰ-৩ অঞ্চললৈ নিজৰ ডেলিভাৰী সম্প্ৰসাৰণ কৰিছে। নতুনকৈ ৩৫০টা পিন ক’ডলৈ শেষ মাইল ডেলিভাৰী ষ্টপেজ হিচাপে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিছে। এই নতুন গ্ৰাহকসকলৰ অধিকাংশই ২৬-৪৫ বছৰ বয়সৰ মহিলা, টায়াৰ-২ আৰু টায়াৰ-৩+ চহৰৰ গৃহিণী। উল্লেখ্য যে, ২০২৩ চনৰ মাৰ্চ মাহলৈ শ্বপচিৰ ১৭৫ মিলিয়নতকৈ অধিক এপ ডাউনলোড হৈছে, য’ত ৯০%ই হৈছে ৩৫ বছৰৰ তলৰ নতুন গ্ৰাহক।

টি২+ অঞ্চলৰ যুৱক-যুৱতীৰ দ্বাৰা পৰিচালিত এই প্লেটফৰ্মে নিজৰ শেহতীয়া বিপণন অভিযান আৰু গ্ৰেণ্ড শ্বপচি মেলাৰ জৰিয়তে বাজেট-অনুকূল ই-কমাৰ্চ প্ৰদান কৰিছে। শ্বপচিয়ে ইয়াৰ সামগ্ৰীৰ পৰ্টফলিঅ’ৰ ৬০%তকৈ অধিক ২০০ টকাৰ তলৰ হাইপাৰ-ভেল্যু প্লেটফৰ্ম আগবঢ়ায়। যাৰ ফলত প্লেটফৰ্মটোৰ হাইপাৰ-ভেল্যু অৱস্থিতিয়ে গ্ৰাহকসকলক অফলাইনৰ পৰা ভাৰ্চুৱেল শ্বপিং অভিজ্ঞতালৈ পৰিৱৰ্তন কৰিবলৈ অনুপ্ৰাণিত কৰে। শেহতীয়াভাৱে দ্ৰুতগতিত চাহিদা বৃদ্ধি হোৱা সামগ্ৰীবোৰ হৈছে- পুৰুষৰ হাতঘড়ী, জাম্পচ্যুট, ট্ৰিমাৰ আৰু ম’বাইল কভাৰৰ চাহিদা ৩গুণ বৃদ্ধি হৈছে। ভাৰতত ডিজিটেল বাণিজ্যক সুলভ কৰাৰ লক্ষ্যৰে শ্বপচিৰ ৮০০+ শ্ৰেণীত ১৫০ মিলিয়নৰো অধিক সামগ্ৰী আছে।

এই বিষয়ে ফ্লিপকাৰ্টৰ শ্বপচিৰ মুৰব্বী কপিল থিৰানীয়ে কয় যে, “সমগ্ৰ দেশৰ গ্ৰাহকসকলৰ শক্তিশালী বৃদ্ধি আৰু গ্ৰাহকৰ বৰ্ধিত অংশগ্ৰহণ দেখি আমি শ্বপচিয়ে সঁচাকৈয়ে আনন্দিত অনুভৱ কৰিছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *