শোণিতপুৰৰ ৰঙাপাৰাত এক নৃশংস ঘটনা সংঘটিত হৈছে।
ৰঙাপাৰাত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ।
তাৰাজুলি চাহ বাগিচাৰ ৭ নং লাইনত সংঘটিত হৈছে এই ঘটনাটো।
জানিব পৰা মতে পুত্ৰ কমল লাংগাৰে লাঠীৰে প্ৰহাৰ কৰে পিতৃ চমেল লাংগাৰক।
পুত্ৰৰ লাঠীৰ প্ৰহাৰত মৃত্যু হ’ল পিতৃ চমেল লাংগাৰৰ।
ঘটনাৰ পিছতে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে পুত্ৰ কমল লাংগাক।