শোকাবহ! সন্দেহযুক্ত বাহনক খেদি যোৱাৰ সময়তে আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, ASIৰ মৃত্যু, আহত আন ৪ জন

বিহাৰৰ ছিৱানত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন এ এছ আই (সহকাৰী উপ পৰিদৰ্শক)ৰ মৃত্যু হোৱাৰ বিপৰীতে ৪ জন আৰক্ষী অতি গুৰুতৰভাৱে আহত হয়। চাৰিওজনকে চিকিৎসাৰ বাবে উচ্চ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। মৈৰৱা থানা এলেকাৰ মাৰাছিয়া পাক সমীপত সংঘটিত হৈছে এই ঘটনা। হুছেইনগঞ্জ আৰক্ষী থানাৰ আৰক্ষী দলটো নিশা টহল দিবলৈ ওলাই গৈছিল। সংগঞ্জ আৰক্ষী থানা এলেকাৰ গভীৰাৰ গাঁৱৰ কাষেৰে পাৰ হৈ তীব্ৰ বেগেৰে আহি থকা এখন স্কৰপিঅ’ বাহনৰ ওপৰত আৰক্ষীৰ দলটোৰ সন্দেহ হোৱাত গাড়ীখনৰ পিছে পিছে খেদি যায়।

স্কৰপিঅ’ বাহনখনৰ পিছে পিছে আৰক্ষীৰ বাহনখনে খেদি গৈ থাকোতেই হুছেইনগঞ্জ আৰক্ষীয়ে মাইৱা থানা এলেকাৰ মাৰাচাই টাৰ্ণিং লোৱাৰ সময়তে আৰক্ষীৰ জীপখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে। এই সংঘৰ্ষ ইমানেই প্ৰচণ্ড আছিল যে ইয়াৰ প্ৰতিধ্বনি প্ৰায় ৪০০ মিটাৰমান দূৰৈৰ পৰাই শুনা গৈছিল। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে উপ- পৰিদৰ্শকজনৰ থিতাতে মৃত্যু হয়। ইফালে এজন আহত আৰক্ষীয়ে এই বিষয়ে থানাত অৱগত কৰে।

দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু চিকিৎসকে এ এছ আই ভুৱনেশ্বৰ সিঙক মৃত ঘোষণা কৰে। বাকী চাৰিজন আৰক্ষীক পাটনালৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাৰ পিছতে আৰক্ষী বিভাগত শোকৰ জোৱাৰ উঠিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *